পৃষ্ঠা:বিহুগীত.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ৬১ ◇


(৪৬)

চৰাইটি কান্দিব বনত অ’ মইনা
 কণিযোৰ পাৰিব বনত।
কাকৈ কদমতে ওলমি থাকোতে
 ধনলৈ পৰিব মনত॥

(৪৭)

অতি চেনেহৰে মইনা পোঁহিলো
 ঘুৰি ঘুৰি ডালতে পৰে।
অতি চেনেহৰে তৰাদৈক আনিলো
 পিঠা খাওঁ পিঠা খাওঁ কৰে॥

(৪৮)

বেণী গুঁথা দেখিলো লাহৰ চুলিটাৰী
 লাখৰে বাখৰে হাত।
জপনা দেওঁতে ন-জোন দেখিলো
 দেওঁধনি উঠিলে গাত॥

(৪৯)

ধনৰ চেউমণি ধানৰ সোৱাগমণি
 কুটুবাং চৰায়ে খাই।
দেহৰ দেওঁধনি বুকু ঢপ্‌ ঢপ্‌নি
 ধনে হাঁহিমাৰি যাই॥

(৫০)

ৰৈ ৰৈ ধেমালি কৰ বণমালী
 দুৱাৰত ঘুণুচা জৰি।
এৰিদে ঘুণুচা পাবহি জানোচা
 বাটৰ বাটৰুৱাই দেখি॥


— ○ ○ —