সমললৈ যাওক

পৃষ্ঠা:বাৰাংগণাৰ জুপুৰি.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

 “জানেনে মই উগ্ৰপন্থী আছিলোঁ? দীপকক তাতেই পাইছিলো। আপোনাৰ কথা কৈছিল তেওঁ।”

 “হোৱাট?”

 তাই আচম্বিত হয়। তাই ভৱাৰ দৰে মসৃণ জীৱন ক’তোৱেই নাই। প্ৰত্যেকৰে জীৱনত এখন অদেখা পৃথিৱী থাকে। বিশালৰ লগত তাইৰ বৰ্তমানটোহে উদযাপন হৈছে, তাৰ খহটা অতীতৰ আঁচোৰ তাই দেখা নাই। তাইও বিশালক খহটা বৰ্তমানটোহে দেখুৱাই আছে, মসৃণ অতীতৰ প্ৰলেপখিনি তাই বিশালৰ হৃদয়ত সানি দিব পৰা নাই। সময়বোৰহে আপেক্ষিক। কথাবোৰ একেই৷ কোনোবাখিনিত হয়তো কঠিন শিলনি, কোনোবাখিনিত বাজি উঠে ৰাগ ভূপালী।

 তাইৰ জানিবলৈ মন গ’ল, দীপকে বাৰু তাইৰ বিষয়ে কি সুধিছিল।

 “বিশাল, দীপকে মোৰ কথা কি কৈছিল?”

 “দীপকদাদাই আপোনাৰ খবৰ লবলৈ কৈছিল।”

 “ক’ত আছে সি?”

 “এতিয়া মোৰ স’তে যোগাযোগ নাই। তেওঁ অলপ আত্মগোপনত আছে৷ মাজতে ম্যানমাৰৰ ফালে আছিল।”

 আসঃ দীপকক এবাৰ লগ পোৱা হ’লে। শৈশৱৰ বন্ধুজনক লগ পালে বুজাব তাই। কান্ধৰ বন্দুক নমাই ফুলনি পাতিবলৈ অনুৰোধ কৰিব তাই। ক’ব তাই চাচোন চৌপাশে কিমান বাৰুদৰ গোন্ধ। আহচোন ফুলনি পাতো ইয়াতে। ফুলৰ সুবাসেৰে আমোলমোল হওক পৃথিৱী।

 ধ্ৰুৱম ক’ত আছে? ক’ত আছে ধ্ৰুৱম? দীপকে জানেনে সেই কথা?

 “এবাৰ কথা পাতিব বিচাৰোঁ দীপকৰ সৈতে। এবাৰ কথা পতাই দিয়ক তাৰ সতে”, তাই বিশালক খাটনি ধৰে।

 বিশালে তাইৰ আকুলতা দেখি আচৰিত হয়। কি সম্পৰ্ক আছিল সিহঁতৰ মাজত সি বুজিব নোৱাৰে। অতদেৰিৰ মূৰত অলংকৃতাৰ মুখত বেলিৰ পোহৰ দেখিছে। দীপক নামটোতে যেন পোহৰ আছিল, সেই পোহৰ বিয়পি পৰিল চৌপাশে, ৰাতিৰ ঘিটমিট আন্ধাৰত সেই পোহৰে বাট দেখুৱালে। তাইৰ বাবেই দীপকৰ সতে এবাৰ যোগাযোগ কৰিব, সি সিদ্ধান্ত লয়।

 এতিয়া তাৰ কেইবাটাও কাম। দীপক আৰু অলংকৃতাৰ মাজত পুনঃসংযোগৰ মাধ্যম হৈ উঠিব লাগে। উল্কিৰ খবৰ ল’ব লাগে। এইখিনি কাম সি নিস্বাৰ্থভাৱেই কৰিব। কিন্তু বিনিময়ত কিছু সন্তুষ্টি পাব! কোনোদিনে নভবা সৰু সৰু কথাবোৰত সিও জীৱন বিচাৰি ল’ব। অলংকৃতাৰ সান্নিধ্যত সি সেয়া শিকি উঠিছে। জীৱন কষ্টকৰ। কিন্তু এই কষ্ট জিনাৰ নিচাকণ বৰ সুখৰ। বৰ সুখৰ।

++

(চৈধ্য)

 অৱশেযত দীপকৰ কাণতো খবৰবোৰ পৰিছিলগৈ। অলপ নিঃসহায় অনুভৱ কৰিলে দীপকে। নিজৰ বুলিবলৈ তাৰ কোনোৱেই নাই। নিজে বাচি লোৱা এই ৰাস্তাটোত সম্পৰ্ক বুলিবলৈকো কোনোৱেই নাই। সকলোৰে অজানিতে মাথোঁ ধ্ৰুৱমৰ সৈতেহে ৰৈ গৈছে তাৰ সহোদৰৰ দৰে এক অনুভৱ। ধ্ৰুৱমক সি শ্ৰদ্ধা কৰে। ধ্ৰুৱমৰ বাবেই অলংকৃতা ভালে থকাটো জৰুৰী ৷ নিজক ধ্বংস কৰি থকাৰ সময়তো সি ধ্ৰুৱমৰ কুশল কামনা কৰি প্রার্থনা কৰে। কুশল কামনা কৰে অলংকৃতাৰ।

 অলংকৃতা যে ভালে নাই, এই কথা ফটোবোৰে কৈ যায়। যিমানই ফটোবোৰ চায়, সিমানেই সি নিজৰ পৰা নিজেই হেৰাই যায়। ধ্ৰুৱমৰ ভৰি দুখন ধৰি ক্ষমা খুজিবলৈ মন যায়। মন যায় খুব জোৰেৰে কান্দি উঠিবলৈ। নোৱাৰে। নোৱাৰে সি বুকু ফালি কান্দি উঠিবলৈ। পুৰুষৰ চকুপানীৰ বাবে যে অৰণ্যখনো প্ৰস্তুত নাথাকে। বুকুখন ফালিব নোৱাৰি প্রায়ে সি জুৰিৰ পাৰত বহে৷ দুবৰি বন উভালি জুৰিটিলৈ দলিয়াই তাৰ ক্ষোভ উজাৰে। এনে হোৱাৰতো কথা নাছিল। কিয় হ’ল এনেকুৱা? নিয়তিয়ে কিদৰে এনে নিৰ্দয়তাৰ ছবি আঁকিব পাৰে? নিৰ্দয়তাৰ এই ছবিবোৰত প্ৰতিশোধৰ ৰং ছটিয়াই দিয়াৰ বৰকৈ হুতাহ জাগে। বেথাবোৰ অহংকাৰ হৈ দেহমনত বিয়পি পৰে। পাৰে, সি ইচ্ছা কৰিলেই প্ৰেয়সীৰ তেজেৰে তাৰ দুহাত ৰাঙলী কৰিব পাৰে।