সমললৈ যাওক

পৃষ্ঠা:বহল ব্যাকৰণ.pdf/১৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬২
বহল ব্যাকৰণ।

অতীয়া, অতী।

 ৭৫। উৎপত্তি অৰ্থত, আগ, পাচ আদি শব্দত অতীয়া প্ৰত্যয় হয়। যেনে, আগত জন্মিছে, আগ—আগতীয়া। সেইদৰে, পাচ—পাচতীয়া, শেষ—শেষতীয়া বা শেহতীয়া, তল—তলতীয়া।

 ৭৬। অধিকাৰী, এই অৰ্থত, বাপ শব্দৰ পাচত অতী বা অতীয়া প্ৰত্যয় হয়। যেনে, বাপতী বা বাপতীয়া। পাৰ্গত অৰ্থতো নাম শব্দত তী প্ৰত্যয় হয়। যেনে নামতী:

অক।

 ৭৭। আছে অৰ্থত বুদ্ধি আদি শব্দত, আৰু কৰে অৰ্থত, খেতি আদি শব্দত অক প্ৰত্যয় হয়। যেনে, বুদ্ধি—বুদ্ধিয়ক, খেতি—খেতিয়ক, ফন্দি–ফন্দিয়ক।

অলীয়া, অৰীয়া

 ৭৮। উৎপত্তি বুজাবলৈ গাওঁ আৰু বাৰী শব্দত অলীয়া, আৰু চলোৱা বুজাবলৈ নাও আদি শব্দত অৰীয়া প্ৰত্যয় হয়। যেনে, গাওঁ—গাৱঁলীয়া, বাৰী—বাৰীয়লীয়া, নাও—নাৱৰীয়া বন—বনৰীয়।

 ৭৯। তৎপৰ অৰ্থত মিছা শব্দত অলীয়া প্ৰত্যয় হয়। যেনে, মিছা কোৱাত তৎপৰ, মিছা—মিছলীয়া।

আ।

 ৮০। আছে অৰ্থত, কেতবিলাক শব্দত আ প্ৰত্যয় হয়।