পৃষ্ঠা:বহল ব্যাকৰণ.pdf/১৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৮
বহল ব্যাকৰণ।


 ৬৬। অব্যয়ীভাব সমাসত সহ শব্দৰ হ লোপ হয়, স মাথোন থাকে। যেনে, পুত্ৰ সহ=সপুত্ৰ, পৰিবাৰ সহ=সপৰিবাৰ, বান্ধৱ সহ=সবান্ধৱ, বংশ সহ=সবংশ।
 ৬৭। তলত দিয়া পদবিলাক অনিয়মিত, অৰ্থাৎ নিপাত নত সিদ্ধ হোৱা অব্যয়ীভাব সমাস:— অক্ষিৰ অভিমুখ=প্ৰত্যক্ষ, অক্ষিৰ অগোচৰ=পৰোক্ষ, অক্ষিৰ সমীপ=সমক্ষ, প্ৰাপ্ত দক্ষিণক= পদক্ষিণ, ইত্যাদি।

নিত্য সমাস।

 ৬৮। ওপৰত যিবিলাক সমাসৰ কথা উল্লেখ কৰা হৈছে, সেইবিলাক সমাস লিখকৰ ইচ্ছাধীন, অৰ্থাৎ তেওঁ সেই পদবিলাকৰ সমাস কৰিও ব্যৱহাৰ কৰিব পাৰে, বা সমাস নকৰাকৈও এৰিব পাৰে। কিন্তু কেতবিলাক যুটীয়া শব্দ আছে, যাক যোগ লগাই নিলিখিলে নহয়, অৰ্থাৎ সিহঁতক সমাস আকাৰত নথলেই নচলে। তেনেকুৱা যুটীয়া শব্দবিলাকক নিত্য সমাস বোলা হয়। যথাৰ্থ পক্ষত, সমাসৰ সূত্ৰ অনুসাৰে সিহঁতৰ সমাস নহয়, তথাপি দুটা শব্দ সদায় গোট খাই থকা বাবেই সিহঁতক সমাস বোলা যায়। আন এটা পদেৰে সৈতে কৃদন্ত পদৰ যি সমাস হয়, সি এই শ্ৰেণীৰ সমাস, আৰু উপসৰ্গেৰে সৈতে ধাতুৰ যি সমাস হয় সিও এই শ্ৰেণীৰ সমাস। যেনে, জলত চৰে=জলচৰ, কুম্ভ কৰে=কুম্ভকাৰ, ইত্যাদি। ইয়াত জল পদ চৰ কৃদন্ত পদেৰে সৈতে, আৰু কুম্ভ পদ কাৰ