সমললৈ যাওক

পৃষ্ঠা:বহল ব্যাকৰণ.pdf/১১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০০
বহল ব্যাকৰণ৷

ভাবত ব্যৱহাৰ নহয়। আৰু বা এবং শব্দে যি দুটা পদ বা বাক্যক লগ লগায়, সিহঁত দুয়োকো বিশেষৰূপে প্ৰকাশ কৰে, কিন্তু ও শব্দে এটাক মাথোন প্ৰকাশ কৰে। যেনে, সি আৰু মই গৈছিলোঁ। ইয়াত সি আৰু মই দুয়ো পদ বিশেষৰূপে প্ৰকাশ পাইছে। কিন্তু ময়ো গৈছিলোঁ, এই বাক্যত মই পদ মাথোন প্ৰকাশ পাইছে, অৰ্থাৎ আন কোনোবাও গৈছিল, তাৰ ওপৰঞ্চিও মই গৈছিলোঁ। দুটা বা সৰহ পদ প্ৰকাশ কৰিবলৈ হলে, সিহঁতৰ প্ৰত্যেকটোতে ও যোগ দিব লাগে আৰু ক্ৰিয়া পদ বাৰে বাৰে উক্ত কৰিব লাগে। যেনে, সিও গৈছিল, ময়ো গৈছিলোঁ; গোপালো গৈছিল, হৰিও গৈছিল; সি তাকো মাৰিলে, মোকো মাৰিলে; ইত্যাদি। সি ও মই গৈছিলোঁ, গোপাল ও হৰি গৈছিল, গোপালক ও হৰিক মাৰিলে, এনে বাক্য অসমীয়াত নহয়। এইবিলাক ও শব্দৰ ঠাইত এবং বা আৰু ব্যৱহাৰ হয়।

 ৯৷ ও অব্যয় শব্দ বাক্যত গুটীয়া শব্দ হৈ নবহে। সি যি পদক প্ৰকাশ কৰে, সেই পদত যোগ হৈ বহে। ব্যঞ্জনান্ত শব্দৰ পাচত বহিলে ও শব্দটোৰ শেষ ব্যঞ্জনত যোগ হয়। যেনে, মানুহ+ও, মানুহো; বান্দৰ+ও, বান্দৰো৷ মানুহও বা বান্দৰও নহয়।

 ১০। স্বৰান্ত শব্দৰ পাচত বহিলে ও শব্দটোৰ শেষ বৰ্ণ হৈ থাকে। যেনে, গাধ+ও, গাধও; পাৰ + ও, পাৰও; লৰা+ও. লৰাও; পুথি+ও, পুথিও; বন্ধু+ও, বন্ধুও; পিতৃ+ও, পিতৃও; মানুহে+ও, মানুহেও; তাৱৈ+ও, তাৱৈও; মনো+ও, মনোও।