সমললৈ যাওক

পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰৱন্ধ সংগ্ৰহ চিঠি (স্বামীৰ ) “পৰম প্ৰনয়ণৰ গভীৰ নীৰতীৰ নিবসতি কলেবৰাঙ্গ সম্মিলিত নিতান্ত প্ৰণয়াশ্ৰিত শ্ৰীঅনঙ্গমোহন দেব শৰ্ম্মাণঃ বহু দিবসাবধি প্ৰত্যাবধি নিৰবধি প্ৰাস প্ৰবাস নিবাস কাল যাপন কৰিতেছি।” এনেকৈ দুই এশ বছৰৰ ভিতৰতেই বন্ধুদেশৰ দেশী ভাষাৰ ৰচনাত সংস্কৃত শব্দৰ প্ৰচলন হৈ কামৰূপীয় প্ৰভাৱ বহু পৰিমাণে আগ কৰি বৰ্ত্তমান ৰূপ পাইছে। ৬২ কেম্ব্ৰল সংস্কৃত শব্দৰ প্ৰচলনে অৱশ্যে দুয়ো ভাষাক ইমান পৰ কৰিব নোৱাৰি লেহেঁতেন, ব্যাকৰণো বেলেগ হৈছে। তাৰ উপৰি কিছুমান ঘৰুৱা পুৰণি শব্দ বৰ্তমান বঙ্গলা ভাষাত একেবাৰে আগকৰা হৈছে। উদাহৰণ স্বৰূপ পিতৃ অৰ্থৰ দেশজ শব্দ কেইটিকে ধৰা যাওক। দুয়ো ভাষাতে আগৈয়ে বাপা, বাপ, বাপু 'আদিৰ প্ৰচন আছিল। এই শব্দদুই। অসমীয়াত এতিয়াও চলিছে কিন্তু বঙ্গা- লিত ইয়াৰ ৰূপান্তৰ বাবা আৰু বাবু হৈছে। পুৰণি বঙ্গাত পোৱা যায় যে’ন :— “পদ্মাবলে বাপু তুমি সংসাৰেৰ সাৰ। ঝিৰ (জীৰ) অপমান বাপু ন'দেখ একবাৰ॥ "( ‘বেহলা বলেন বাপু শুন নিবেদন। স্বপ্নদেখিয়৷ আমি কৰেছি ৰোদন॥ "] যঙ্গালী ‘বাবু’ শব্দ এই বাপু শব্দৰ অপভ্ৰংশ বুলি দীণেশচন্দ্ৰ সেনে কৈছে আৰু হয়ও। কামৰূপত মাকৰ্ক মাই বোলে। মাই শব্দ পুৰণি বদলা অসমীয়া সকলে৷ ↑ থিতে পোৱা যায়। এই মাই শব্দৰ পৰাই বঙ্গালী মা আৰু মেয়ে হৈছে বুলি উক্ত সেন মহাশয়ে কৈছে আৰু হৈছেও। “তিতা” শব্দ চৈতন্য ভাগৱতত ভিজ়! অৰ্থত ব্যৱহাৰ হোৱা দেখা যায়, এতিয়া ই অচল। আমাৰ অসমীয়া ভাষাত কিন্তু এতিয়াও আছে। হৰিষ; মগন, জনম, ৰতন, যতন, বাৰিষা অসমীৰ। শব্দ যথাক্ৰমে হৰ্ষ, মগ্ন, জন্ম, ৰত্ন, যত্ন, বৰ্খা হৈছে। পুৰণি বঙ্গল৷ ৰচনাত কিন্তু অসমীয়া গঢ় হে থকা দেখা যায়। এইৰূপে কিমান অসমীয়া শব্দক যে সংস্কৃতীয়া ৰূপদি বঙ্গলা ভাষাক অসমীয়া ভাষাৰ পৰা আঁতৰাই নিয়৷ হৈছে তাৰ লেখ জোথ নাই। তাৰ উপৰি অলপ দিনৰ পৰা বেচেৰা পেটকট! ‘ৰ’ আখৰটিকো ‘ৰ’ আখৰৰ দ্বাৰা দেশস্তৰী কৰা হ'ল। এই ভাষা ৰূপান্তৰৰ নিশ্চয় বহুত কাৰণ আছে, নানাজনে নানা কাৰণ দিয়ে তাতে আংশিক সত্য যে নাই আমি নকওঁ। কিন্তু আমি যি কাৰণ ঢুকি পাইছোঁ সি এই