সমললৈ যাওক

পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বৈষ্ণৱ সাহ্যিতত গণতন্ত্ৰবাদ সমস্তে ভূততে ব্যাপী আছো মই হৰি। সবাকো মানিব৷ তুমি বিষ্ণুবুদ্ধি কৰি॥” “বিশেষত মনুষ্যগণত যিতে৷ নৰে। বিষ্ণুবুদ্ধি ভাৱে সৰ্ব্বদায়ে মান্য কৰে॥” যুগাৱতাৰ শ্ৰীকৃষ্ণৰ এইষাৰ মহাবাণীৰ অৰ্থ অতি গভীৰ। বৈষ্ণৱ ধৰ্ম্ম ৰাজ্যত সাধাৰণ তন্ত্ৰৰ ভাৱহে ইয়াত বেছিকৈ দেখুৱ৷ হৈছে। বিষ্ণু বৈষ্ণৱক অভেদৰূপে মানিব লাগে। ঈশ্বৰক দূৰলৈ হেঠেলি সমস্তে ভূতত বিশেষকৈ “মনুষ্যগণত দেখিব লাগে। “নৰৰূপে নাৰায়ণ ভাৰত বৰিষে। ভকতৰ হৃদয়ত প্ৰকাশা হৰিষে॥” নৰৰূপী নাৰায়ণৰ সেৱা কৰাটো যেনেকৈ ধৰ্ম্ম তেনেকৈ গণতন্ত্ৰী ৰাজনীতিও শ্ৰেষ্ঠ। 80 “বৈৰভাৱে চিন্তি মোক। দুনাই পাইবা এহিলোক॥” বোলা কথাষাৰত এটি বিশেষ উল্লেখযোগ্য গণতন্ত্ৰী ভাৱ সোমাই আছে বুলি অনুমান হয়। “বৈৰভাৱ”ক পালিমেণ্টৰী শাসনৰ “অপঞ্জিন”ৰ লগত ৰিজাব পাৰি। “বৈব- ভাবে চিন্তি” চৰকাৰৰ বিপক্ষদলে শাসকৰ পঞ্চলৈ যোৱাটো গণতন্ত্ৰী শাসনৰ এটা প্ৰকৃতি। পূতনা, কংস শিশুপাল আদিয়ে বৈৰভাৱে চিস্তি যি গতি পালে বুলি বৈষ্ণৱ সাহিত্যত উল্লেখ কৰা আছে সেই গতি বোলে মহাভক্তৰ পক্ষেও দুৰ্লভ। শ্ৰীকৃষ্ণক যাৰে৷ বুলি বিষ-স্তন পান কৰোৱা পুতনাক জননীৰ গতি আৰু চিৰকাল বৈৰভাৱে চিন্তাকৰা কংস, শিশুপালৰ সাৰূপ্য মুক্তি দিয়া হল বুলি ভাগৱতত উল্লেখ আছে। নাস্তিকৰ প্ৰতিও এনে উদাৰ ভাৱ পোষণ কৰা টে৷ বৈষ্ণৱধৰ্ম্মৰ এট। বিশেষত্ব। গণতন্ত্ৰী নিয়ম-তন্ত্ৰমতেও বৈৰভাৱে চিন্তি চৰকাৰ পক্ষৰ মাৰূপ্য " লাভ কৰাৰ ব্যৱস্থা অ'ছে।

  • (

বৈষ্ণৱ ধৰ্ম্মৰ অহিংস! মতে বিশেষকৈ মহা-বৈষ্ণণ যুগ-মানৱ মহাত্মা গান্ধীয়ে প্ৰচাৰ কৰা কাৰ্যকৰী অহিংসা নীতিয়ে — জগতৰ গণতন্ত্ৰত পূৰ্ণতা দিব বুলি অনুমান হয়। হিংসাবাদ আৰু গণতন্ত্ৰ দুয়োটা খাপ নোখোৱা কথা। যদি সৰহভাগৰ মতেৰে শাসন কৰাটোৱেই গণতন্ত্ৰৰ মূলমত হয়, ভেস্তে কমভাগক শাসন কৰিবলৈ পাশৱিক বগৰ আৱশ্যক নাই, প্ৰৱল জনমতেই যথেষ্ট। যেতিয়া অলপ সংখ্যক গেকে বহু সংখ্যক লোকক বলেৰে শাসন কৰিবলৈ বিচাৰে তেতিয়াই হিংসাবাদৰ বা পাশৱিক বলৰ অৱশ্যক হয়। বৈষ্ণব সাহি- ত্যত উল্লেখ কৰা ঈশ্বৰৰ অৱতাৰ সকলৰ হিংসামুলক কাৰ্য্যবিলাক আক্ষৰিকভাৱে সত্য বুলি লোৱাটে৷ অনুচিত। পুৰাণবিলাক উদাহৰণেৰে মূলতত্ত্ব বুজোৱা