সমললৈ যাওক

পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰৱন্ধ সংগ্ৰহ জাতিবোৰৰ পূৰ্ব্ব পুৰুষবোৰ বাস কৰি আছিল! ইহঁত অতি অসভ্য আছিল। হাবিৰ জন্তু আদি মাৰি খাইছিল। তাৰ পাছত দ্ৰাবিড়ীবিলাক আহে। এই দ্ৰাবিড়ীবিলাক এটি সুসভ্য জাতি আছিল। এওঁলোকৰ ভাষা আন্দ ধৰ্ম্মও আছিল। এওঁলোকে নগৰ গাওঁ ভূঁই আদি পাতি বাস কৰি আছিল। আজি এই কেই বছৰ মানৰ আগতে সিন্ধু প্ৰদেশৰ মহেঞ্জোদাৰো বোলা এখন ঠাইত আৰু পঞ্জাবৰ হাৰাঙ্গে৷ত আজি ৫০০০ বছৰৰ আগৰ ওথ ধৰণৰ কিছু- যান অতি পুৰণি বস্তু পোৱা গৈছে আৰু পণ্ডিতসকলে কয় যে এইবোৰ দ্ৰাবিড়ী জাতিৰে সভ্যতাৰ চিন। তেওঁলোক বহুকাল বাস কৰি থকাৰ পাছতহে আৰ্যসকল ভাৰতলৈ আহে। এই আৰ্যসকল ভাৰতলৈ অহাও আজি ৪০০০ হেজাৰ মান বছৰ হৈছে বুলি পণ্ডিতসকলে অনুমান কৰে। এই আৰ্যসকল মধ্য এচিয়াৰ মানুহ আছিল। এওঁলোকৰ সংখ্য৷ বেছি হোৱাত দলে দলে তেওঁলোক তাৰপৰা ওলা লৈ ধৰিলে। এজাক পশ্চিমে ইউৰোপৰ ফাললৈ গল, এঙ্গাক দক্ষিণ পশ্চিম মুৱা হৈ আৰব আদি ঠাইলৈ গল আৰু এজাক দক্ষিণফালে আহি এচিয়াৰ তুৰ্কিস্থান নামে ঠাইত কিছুকাল থাকি তাৰপৰা আৰু দক্ষিণফালে আহি দুজাক হৈ এজাক পাবশ্য ফাললৈ গল অক এজাক হিন্দুকুচ পাৰ হৈ ভাৰতত সোনালহি আৰু অনেক যুদ্ধ বিগ্ৰহাদিৰ পাছত ইয়াৰ পূৰ্ব্ব বাসিন্দাসকলক পাহাড়ে পৰ্ব্বতে যেদি নিজে সিহঁতৰ ঠাই দখল কৰি বাস কৰিবলৈ ধৰিলে। এই ঠাই ভোগব আজিকালিৰ পঞ্জাবেই। যিবোৰ পূৰ্ব্বৰ বাসিন্দা পলাই পৰ্ব্বতত্ত বা হাৰিয়ে বননীয়ে থাকিবলৈ ঠ ই ললে সিহঁতক অঙ্গুৱ, ৰাক্ষস নাম দিলে আৰু যিবোৰ থাকি গল সিহঁতক দাস শ্ৰেণীত ভুক্ত কৰি ললে। সমাজ আৰ্য আৰু অনাৰ্য এই দুই ভাগে বিভক্ত হল। কিন্তু এওঁলোকৰ ভিতৰত আদান-প্ৰদান বিঘ্ন। বাৰু ইত্যাদি সামাজিক বিষণ্নত বিশেষ কোনো বাধা নাছিল। এইদৰে যেতিয়া আৰ্য্যসকল নিশ্চিত্তমনে পঞ্জাবত থিতাপি ললে তেতিয়৷ বেদৰ সৃষ্টি হল। এই বেদৰ সৃষ্টিকৰ্ত্ত৷ কোনো এজন নিদ্দিষ্ট পুৰুষ নাছিল। সাধক বা ঋষিসকলৰ মুখৰ পৰ৷ যি বাক্য “লাইছিল সিয়েই এই বেদ। এই বাক্যবোৰ পুৰুষানুক্ৰমে মানুহৰ মুখে মুখে চলি আহিছিল আৰু ইয়াৰ ভাষ৷ আজি কালি classical সংস্কৃতৰ নিচিনা নাছিল! এই কালত আৰ্যসকলৰ ধৰ্ম্ম অতি সহজ আছিল। যিবোৰ শক্তিশালী প্ৰাকৃতিক দৃষ্ণই তেওঁলোকৰ মন আকৰ্ষণ কৰিছিল বা তেওঁলোকৰ মনত বিস্ময় জন্মাইছিল সেইবোৰকে (যেনে ধুমুহা বতাহ বৰষুণ,