সমললৈ যাওক

পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/২১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৮৬ প্ৰৱন্ধ-সংগ্ৰহ এই সাধাৰণ উপায়েৰে আমি তাপ পাব পাৰোঁ। এনেদৰে লোহা তপতাই আমি কাপোৰ ‘ইস্ত্ৰি’ কৰি লওঁ, বিজুলী চৌকা আৰু বিজুলী স্তোভ গৰম কৰোঁ। এইবোৰ বেচি প্ৰতিৰোধক ধাতুত বাহিৰে আন একো নহয়। ইয়াৰ ভিতৰেদি বিজুলী প্ৰবাহ বৈ গলে তাপত ৰঙা পৰি উঠে। এই প্ৰকাৰে যদি বেচি প্ৰতিৰোধক তাঁৰক আৰু বেচি গৰম কৰা যায় তেন্তে সি তাপতে উজ্জ্বল বগা হৈ উঠিব আৰু উজ্জ্বল পোহৰ দিব পৰা হব। বিজুলী চাকি এনেদৰে জ্বলোৱা হয়। পাতল কাঁচৰ বাৰৰ (Bulb ) ভিতৰত তাত সৰু তাঁৰ কিছুমান থাকে—প্ৰায় তাক চকুৰে মনিবই নোৱাৰি। এই তোঁৰৰ ভিতৰেদি বিজুলী প্ৰবাহ ( Electric Current) গলেই তাঁৰদাল জ্বলি উঠে আমি উজ্জ্বল পোহৰ পাওঁ। বাল্বৰ ভিতৰত বতাহ নেথাকে বুলি এই অকনি তাঁৰে ইমান পোহৰ পৰে। এই তাঁৰবোৰ টাংষ্টেন (Tungsten) অচৰাম (Osreum) আদি ধাতুৰে তৈয়াৰি। বিজুলীৰ তাপত ই গৰম হৈ উঠে, সেই গুণে ধাতুৰ তাঁৰ তাপৰ কোবত প্ৰায় বগা হৈ জ্বলে। কাঁচৰ বাল্বৰ ভিতৰত বতাহ থাকিলে সি মূহূৰ্ত্ততে ছাই হৈ গ'লহেঁতেন। ‘ডায়েনেমে!’ নাইবা বেটাৰীয়ে উদ্ভব কৰ| বিজুলী প্ৰবাহৰ দ্বাৰা বৈদ্যুতিক মটৰ চলোৱা হয় আৰু সেয়ে বিজুলী প্ৰবাহক বিজুলী শক্তিতে পৰিণত কৰে। এই শক্তিৰ সামান্য পুতুলাৰ যন্ত্ৰও চলাব পাৰি আৰু ৬০ মাইল বেগে ৰেলগাৰীও চলোৱ৷ কামত লগাব পাৰি। বৰ্ত্তমান যুগত পৃথিবীৰ আধা আধি ব্যৱসায় বিজুলীৰ প্ৰভাৱতে হ’ব ধৰিছে। এই আচৰিত আচৰিত যন্ত্ৰবোৰ ওলোৱাৰ কাৰণে সকলো কাম উজুহৈ পৰিছে, সকলো জাতিকে দিনক দিনে ওপৰলৈ সামৰি আনিছে। হাজাৰ হাজাৰ দূৰ দেশৰ লগত বেগেতে ব্যৱসায় কৰিব পৰা হৈছে। ভবিষ্যতত ইয়াৰ আৰু যে কিমান ক্ৰমোন্নতি হৰ তাৰ ধাৰণা কৰা টান।