সমললৈ যাওক

পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

-৩২ প্ৰৱন্ধ-সগ্ৰহ কৰে। যুদ্ধক নৈসৰ্গিক জীৱন সংগ্ৰাম আৰু তাৰ ফলত যোগ্যতমৰ উদ্বৰ্ত্তনৰ লগত কোনোমতে তুলনা কাৰব নোৱাৰি। স্নতৰাং ক্ৰমবিকাশৰ নীতিয়ে যুদ্ধ সমৰ্থন কৰে বুলি কোৱাটো ভুল৷ তথাপি মুচোলিনীয়ে কয়, “ফ্যাছিজিমে 'চিৰশান্তিৰ সম্ভাৱনা বা উপযোগিতাত বিশ্বাস নকৰে। অকল যুদ্ধই হে সমুদয় মানবীয় শক্তিৰ অত্যধিক প্ৰসাৰণ কৰে৷ যিবোৰ জাতিৰ যুদ্ধৰ সমুখীন হবৰ গুণ আছে সেইবোৰৰ গাত হে যুদ্ধই মহত্বৰ চাব মাৰি দিয়ে।” “যদিও সাহিত্যৰ ৰচনাৰ শব্দবোৰ বৰ সুন্দৰ, ৰাইফল, মেস্তিনগান, যুদ্ধৰ জাহাজ, এৰোপ্লেন, কামান তাতকৈ বেচি সুন্দৰ” হাৰ হিটলাৰে কয়, “মানুহৰ অস্তিত্ব ৰক্ষাৰ বাবে ভবিষ্যতত এই জগৎ যে ভীষণ সংগ্ৰামৰ ঠাই হব তাত কোনো সংশয় নাই। চিৰন্তন সংগ্ৰামত মানৱজাতি মহৎ হৈছে; চিৰশান্তিত ইয়াৰ লোপ হব।” যুক্তিক বাদ দি সহজ জ্ঞানবাদ বা প্ৰেৰণাবাদ যাক তলৰ খাপৰ অৰ্থত ধৰিলে প্ৰৰোচনাবাদ ও (instinctivism ) বুলিব পাৰি তাৰে ওপৰত এইবোৰ প্ৰতিষ্ঠিত। তদুপৰি ফ্যাছিজিম আৰু নাজিজিমৰ মূল ভেটি হ'ল দাৰ্শনিক হেগেলৰ ৰাষ্ট্ৰসম্বন্ধে এই কথা “ৰাষ্ট্ৰ পৃথিবীত প্ৰকাশিত ঐণী ভাব। ইয়ে পৃথিবীত চূড়ান্ত বা নিৰপেক্ষ ক্ষমতা; ই নিজেই ইয়াৰ আদি অন্ত। ইয়ে শেষ উদ্দেশ্য যিটোৰ ব্যক্তিৰ বিৰুদ্ধে সৰ্ব্বোচ্চ অধিকাৰ আছে ( অৰ্থাৎ ৰাষ্ট্ৰৰ ওপৰত কোনো নৈতিক নিয়ম নাখাটে।” ইফালে ফ্যাছিজিমে দ্বীনাৰৰ বিৰাট জাতীয় জীৱবাদ চিধাচিধিকৈ মানিছে। ইটালীৰ ফ্যাছিজিমে কয়, “ইটালীয়ান জাতি ইয়াৰ ক্ষমতা আৰু দীৰ্ঘকালৰ স্থায়ীত্বৰ দ্বাৰা: এটা জীৱথকা জীবাবয়ব পৰ্য্য কৰিবৰ উদ্দেশ্য আৰু উপায় আছে—যিবোৰ ইয়াক গঠিত কৰা ব্যক্তিবিলাকৰ ব্যষ্টি বা বৃন্দ যিটোই নহওক, সেই বিলাকৰ কাৰ্য্যৰ উদ্দেশ্য আৰু উপায়ৰ প্ৰভাৱৰ অতীত।” ডক্তৰ কডল্‌ফ ষ্টীমাৰে কৈছে, “মানুহজনে তাৰ সমাজ বা জাতিৰ নিমিত্তে যি যি কৰিব লাগিব সেইবোৰ তাৰ ব্যক্তিত্ব উপযোগিতাৰ সৈতে ব্যৱহাৰ কৰ৷ উচ্চতৰ জীৱৰ দ্বাৰা পৰিচালিত হয়।” “এক সময়ত সাম্প্ৰদায়িক আৰু বিৰাট জাতীয় জীৱবিলাক তেওঁবিলাকৰ আচল সত্তাত তাৰ ( বিশেষ এক অৱস্থাৰ মানুহৰ ) আগত প্ৰকট হয়।” মুঠৰ ওপৰত ফ্যাছিজিম আৰু নাজিজিমৰ কথা হ'লগৈ বিৰাট জীবৰ অবয়বম্বৰূপ ৰাষ্ট্ৰৰ নিমিত্বে ব্যক্তি, ব্যক্তিৰ নিমিত্তে ৰাষ্ট্ৰ নহয়। ঠিক ইয়াৰ বিপৰীতে বৰ্ত্তমান সময়ত আৰু এটা মতবাদ চলিছে যাৰ নাম