পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/২৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়স্থ সমাজৰ ইতিবৃত্ত।

আক্ৰমণ কৰে তেওঁ কামৰূপৰ ভালেখিনি ঠাই অধিকাৰ কৰি বৰ্তমান মাখিহাত কোঠ কৰিলে। মাখিবাহা সেই সময়ত নল-খাগৰি-উলুৰে ভৰা আছিল; আৰু মাখিমৌয়ে তৰা আছিল; গদাধৰে সেই কাৰণে তাৰ নাম মাখিবাহাকে ৰাখে। গদাধৰৰ বংশধৰসকলে “মাইকি বাসাৰ অভংস মাখিবাহা” বুলি কয়; তেওঁলোকৰ উপাদ্য বিগ্ৰহ চণ্ডীদেবী তাত স্থাপন কৰাই এই নামৰ উপত্তিৰ কাৰণ বুলি কয়। শুনা যায় এই বিগ্ৰহ বাস্কাৰ শ্ৰীপুৰত এতিয়াও আছে; আৰু তাত প্ৰতি বছৰে আজিলৈকে দুৰ্গা পূজা হয়। এই পূজাত হেনো মাগিবাহাৰ ভট্টাচাৰ্যৰ বংশই বিধিপাঠকৰ কাম কৰিব লাগে আৰু মাখিবাহাৰ চৌধাৰীৰ বংশৰ শ্ৰেষ্ঠজনে বৰণ দিব লাগিছিল। আমাৰ মনে চণ্ডীবৰৰ উপাস্য বিগ্ৰহ থাকিলে সি শিৰোমণিভূঞাৰ হাততেই আছিল। গদাধৰে মাখিহাত বসতি কৰাত নতুনকৈ এই বিগ্ৰহ স্থাপন কৰাব পাৰে। মাখিবাহাৰ ওচৰত জলখানা, মালখানা, নিজখানা, নামৰ কিছুমান ঠাই আছে। খান। শব্দে কিল্লাক বুজে'ৱা বুলি অনুমান হয়। নিজখানাত গদাধৰে কোঠ কৰি ৰাস কৰিছিল; মালখান'ত যুদ্ধৰ অস্ত্ৰ-সস্ত্ৰ ৰ'গিছিল আৰু জলখাত যুদ্ধৰ নাও ৰাখিছিল। মাখিবাহাৰ বংশাবলীৰপৰা জানা যায়- গদাধৰক সেই সময়ত বৰভূঞা” বুলিছিল আৰু তেওঁ কানৰপৰ উত্তৰ অঞ্চলৰ অধিকাৰী আছিল— “তথ্য পুত্ৰ ৰাজধৰ জ্যেষ্ঠ আৰু গদাধৰ বৰভূঞা লোক প্ৰখ্যাত!’ কৃষ্ণপতি ভট্টাচাৰ্য্য। শিৰোমণিভূঞাৰ লগত পুৰোহিত বংশ ৰোৱাত গদাধৰে কান্যকুজৰপৰা নতুনকৈ অনন্তাচাৰ্য নামে পুৰোহিতক আনে। এই পুৰোহিতৰ গোত্ৰ কাপ আছিল; গদাধৰৰ কুলপথ অনুসাৰে পুৰোহিতৰ ‘গাত্ৰ গ্ৰহণ কৰে। সেই সময়ৰ পৰা এই বংশৰ গোত্ৰ কাশ্যপ হয়। গদাধৰৰ পাচত তেওঁৰ পুত্ৰ বৃহৎভদ্ৰ বৰভূঞা হয়। এওঁ বৰ বাহুবলী পুৰুষী আছিল। প্ৰবাদ আছে এওঁ বোলে বুজাৰ পেৰামহ এটা শিঙত ধৰি যুঁজি বধ কৰিছিল; এই কাৰণে তেওঁক মতমোহন” বুলিছিল। অনুমান মতামোহনৰ সময়ত খেনবংশী নীলাম্বৰে সমস্ত কামৰূপ অধিকাৰ কৰে। এই সময়ত মতামোহনৰ স্বাধীনতা যায় আৰু তেওঁ খেনবংশী ৰজাৰ তলে বৰ ভাগৰ ভূঞা হয়। বৃহভদৰ চাৰি পুত্ৰ- মধুসূদন, বিশ্বনাথ, জয়দেৱ আৰু শ্যামৰায়॥ মধুসূদন আৰু শ্যামৰায় মাখিবাহাতে থাকে, বিশ্বনাথ আৰু জয়দেৱ বৰনদী পাৰ হৈ দৰঙত সোমায়। এই সময়ত নগাওঁ দৰঙৰ শিৰোমণিভূঞা ৰাজ্য কছাৰিৰ উৎপাতত হীত হয়। বিশ্বনাথ আৰু শ্যামৰায় দৰঙতে স্বাধীনভাৱে ভূঞালি কৰি থাকে। মধুসূদনৰ পাচত তেওঁৰ পুত্ৰ বাসুদেৱ বৰভাগৰ ভূঞা হয়। এওঁৰ সময়ত কোচৰজা বিশ্বসিংহ অভ্যুদয় হয়। বিশ্বসিংহে যেতিয়া কামৰূপৰ ভূঞাসকলৰ ৰাজ্য অধিকাৰ কৰে, সেই সময়ত বাসুদেৱে • শ্ৰীযুত প্ৰসঙ্গ নাৰায়ণ চৌধাৰী মহাশয়ৰ পিতৃদেৱত। গৰ্গনাৰায়ণ চৌধাৰী মহাশয়ৰ দিশলৈকে এই নিয়ম চলি আহিল

বুলি জানিব পৰা যায়।

1 সাধাৰণ কথাত এক চামৰায় কোৱা হয়। এও বহতো কায়থেলী অঞ্চল আষ্য বচনা কৰিছে; কায়বেলী পঢ়াশালী ধান অধ্যাপক আছিল। এওঁৰ বিঙাৰ বলতেই মাখিবাহাত মাসকাৰ স্থাপন হয়। এওঁৰ সময়তে বিশ্বসিংহৰ লগত ভূঞাৰ যুদ্ধ আৰু পৰা।