পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/২৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৪৬ কায়স্থ সমাজৰ ইতিবৃত্ত। বিষ্ণুপুৰ আৰু ঘিলাকাৰি অধিকাৰী বংশ। বিষ্ণুপুৰ থান চতুভুজ ঠাকুৰৰ স্থাপিত; ইয়াৰ কথা ওপৰতে কৈ অহা হৈছে। কনকলতা ওৰফে লক্ষ্মী আই বৰদোৱা এৰি উজাই অহাৰ সময়ত সৰু আই ৰেৱতী দেবী জী-জোৱাই সুমিত্ৰা দেবী আৰু মনোহৰ গাভৰু নিৰীৰ সৈতে ভটীয়াই গৈ বিষ্ণুপুৰত বাস কৰে। সুমিত্ৰদেবীৰ বিষ্ণুদেৱ নামে এটি পুত্ৰ জন্মে, তেওঁ বিষ্ণুপুৰ থানৰ অধিকাৰ হয়। বিষ্ণুদেৱৰ দুই পুত্ৰ গোপাল চৰণ আৰু মাধৱ চৰণ। গোপাল চৰণ বিষ্ণুপুৰত অধিকাৰ হয় আৰু মাধৱ চৰণ কামৰূপৰ বিলাঝাৰি থানলৈ গৈ তাত অধিকাৰ হয়। গোপাল চৰণ দেৱৰ পাচত তেওঁৰ পুত্ৰ জয়নাৰাষণ বিষ্ণুপুৰৰ অধিকাৰ হয়। ওয়নাৰায়ণৰ তিনি পুত্ৰ- প্ৰতাপ নাৰায়ণ, গোপীনাথ আৰু মহীনাৰায়ণ। প্ৰতাপ নাৰাযণৰ বংশ নাই। গোপীনাথ দেৱৰ কমলেশ্বৰী নামে এটি কন্যা আছিল; এই কন্যাক চামগুৰিৰ সাৰঙ্গপাণিৰ বংশধৰ পদ্মনাৰায়ণত বিবাহ দিয়ে। এওঁৰ বংশধৰ সকলৰ কেই জনমান গোৱালপাৰাৰ দক্ষিণপাৰে বালিজানাত আৰু কেইজনমান দলগোমা আৰু গৌৰীপুৰত বাস কৰে। মহানাৰায়ণ বিষ্ণুপুৰত অকাৰ হয়; তেওঁৰ পাচত তেওঁৰ পুত্ৰ কৃষ্ণচন্দ্ৰ বিষ্ণুপুৰৰ অধিকাৰ হয়। কৃষ্ণচন্দ্ৰৰ পূৰ্ণচন্দ্ৰ নামে এটি পুত্ৰ আছিল, তেওঁ অলপ সময়তে স্বৰ্গী হোৱা নগাৱৰ শলগুৰি ফৈদৰ হেমকান্ত নামে লৰ। এটিক পোয্য গ্ৰহণ কৰে। এওঁৰ পুত্ৰ দেৱকান্ত অধিকাৰী বিষ্ণুপুৰ থানৰ অধিকাৰ হয়। . বিষ্ণুপুৰ থা• চলাবৰ অৰ্থে বিজনি জমিদাৰে কিছুমান ভূমি দান কৰে। দান পত্ৰ তলত দিয়া হল- মুকুন্দ নাৰায়ণ সকল মঙ্গলাল গোপীনাথ মেধি সুচবিতে দেবত্ত সনদ পত্ৰ মিদং স• ১১৯৪ এগা৮ে ও চীবান্নবৈ সাল পৰগনাতি আব্দে লিখং কাজঞ্চা: সস্তব বিপুল ও ঘবৰ্শীয়া গিদ্ধ বটীয়াশাকি তপে নামদানী পৰগণে খুটঘাট সৰকাৰ ঢেকিৰী সস্তব মজ পূৰ্ব হইতে ৬ হাবাজ। সকলে তোমাৰ পিতাকে স্থানেব সেবাৰ নিমিত্তে দেবব কবি। সনদ দিযা: সৰ্ক আমি তোমাকে দেবত্ব সনদ দিছি সেমতে বিষ্টপু ও ঘবশীয় সহিত সস্তবেব সামীল ক চৌহদী সনদ তোমাকে দিলাও। ইহা চৌহদিব প্ৰমান পূৰ্বে মাইজান নদি পশ্চিমে বিমা গাওব স উত্তবে তামবাঙ্গা নদি ও বাগাও সস্তবেৰ সীমা দক্ষিণে ঝুনকুনিয়া নদীব হদ ববাবব এহি চোওহদি মত আবাদ তবসুদ কৰিা ইহাব মাল ও আবু আব ফৌজদাবী অখলুডি গষবহ ও সায়বাত সহিত জে কিছু উৎপন্ন হবে তাহাক লোইয় স্থাণেৰ তেল বস্তি লাগাইয়া সৎ নাম কীৰ্তন কবিয়া স্থানে আশী* কৰি। সস্তবেব সায়বাত অখন তোমাৰ দেবৰেৰ সামীল কবিয সেবাৰ নিমিত্তে তোমাকে দিলাও। সস্তৰে কোন দফা সব মপৰ্শলে তলব হবেনা। সব খুনি মাল গাএবহ সবহি চোব জে হুজুৰ ইৰশাল কৰিয়া নিশ-এ ভকত আবাদ কৰিয়া দেবৰ মজকুৰ পুত্ৰ পৌত্ৰাদীক্ৰমে ভোগ কৰিব ইহাতে, কেহ আপন কৰিতে পাৰিবেকনা ইহাকে যে কেহ হৰণ কৰিবেক তাহাকে দেবস্ব হৰণেৰ পাক কবেক এদৰ্যে দেবত্ব সনদ দিলা। ইতি সন সদৰ-১ পৌষ