এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
(৮৯)
লুইত আমাৰ ব্ৰহ্মপুত,—
আমাৰ শিৰৰ মণিকুট,
লুইত আমাৰ উপত্যকাৰ
দুৱাৰ-ৰক্ষী দেৱদূত।
আমাৰ তীৰ্থ পুণ্য-তীৰ,
আমাৰ চিৰ শান্তি-নীড়,
জীৱন-বীণাৰ সুৰৰ আধাৰ,
সঙ্গীত আমাৰ দ্ৰৱীভূত।
মুকুতিৰ সিংহ-দ্বাৰ,
উল্লাসৰ জয়-হুঙ্কাৰ,
আমাৰ হৰ্ষ প্ৰীতিৰ উৎস,
সঞ্জীৱনী মন্ত্ৰ-পূত।
আমাৰ নিপুণ খনিকৰ;
নিত্য-নৱ-সৌষ্ঠৱৰ
আমাৰ গৰ্ব্ব গৌৰৱৰ
চিত্ৰ-পট অদভূত!
⸺⸺
১৮৫৯ শক |