সমললৈ যাওক

পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পুৰণি অসম-বুৰঞ্জী
 

পুত্ৰ পৌত্ৰী হেল, সি সকলেও বিহ্‌গাচল পৰ্ব্বত ব্যাপিলে। সেই সকলে স্বৰ্ণ্ণাদ্ৰি বিহগ্ৰাদি অন্যো পৰ্ব্বতসকল আক্ৰমি ললে। সবংশে জুৰি পূৰ্ব্বে সৈন্যসকলৰ যি অধিকাৰী আছিল তাকো ই সকলে কাটি মাৰি বশ কৰিলে।

 পাচে সেই বংশতে সাক্ষাৎ ইন্দ্ৰতুল্য এক বালক জন্মিল, ১২৫০ শকত। আজানুলম্বিত কৰ, বেল ফুল সদৃশ মস্তক, গৌৰ বৰ্ণ, পিঙ্গল কেশ, কৰত যব অঙ্কুশ, পদ- বংশবৃদ্ধি।তলত দীৰ্ঘ ৰেখা, পাঞ্চ আঙ্গুলি সমান। এনে ৰাজ চিহ্ন যুক্ত এক জনে তিনি ভ্ৰাতৃ সহিতে আৰু সাতোটা জ্ঞাতি লগত লৈ পৰ্ব্বতৰ পৰা সৌমাৰ পীঠক নামি আহোতে সাতোটা টিলিকি মাৰিলে, সাতোটা চাপৰি মাৰি যাত্ৰা কৰি সৌগন্ধিক বস্তু মুখত ললে, ৰেখা সাতোটা দিলে। বাটৰ পৰা ভাএক পশ্চিমৰ ৰুম দেশলৈ গৈ সেই দেশৰ ৰজা হল। শত্ৰু জিনি বশ কৰি বড় ভাএক ৰাজা হুই, প্ৰজাক প্ৰতিপাল কৰি থাকি গৈ। সিবোৰৰ সেই ঠাইতে বংশো বিস্তৰ হল। ই জনা শত্ৰু মিত্ৰ সুহৃদকো জানোতা, দেশ কালৰ ভেদকো বুজোতা, এনে পুৰুষ সৌমাৰ পীঠত ৰজা হুবৰ নিমিত্তে চেংচোম দেৱক ডিঙ্গিত লৈ আৰু লগত অহা লোকসকলক আৰু আত্ম- তুল্য সুবুদ্ধি তিনি জন মানুষ্য সহিতে মন্ত্ৰণা কৰিলে, ১২৭৭ শকত। বোলে উপাই কৰি প্ৰজা সকলক বশবৰ্ত্তী কৰি লৈ ঠায়ে ঠায়ে অধিকাৰীসকল ষি আছে তাক মাৰিব লাগে। এই বুলি কিছু কিছুকৈ আক্ৰমি লৈ ৰাজা হল, ১২৮৪ শকত।

 তেঞোৰ পুত্ৰ মহা তেজস্বী, ৰাজনীতি ভেদকো জানোতা, প্ৰচণ্ড চৰিত্ৰ, উদ্যমশীল, স্তম্ভন বশীকৰণ এই সকলকো জানে, ভবিষ্যত কাৰ্য্যকো জানে, পিঠি কোখ গল উপস্থত ৰাজচিহ্ন আছে, দুই হস্তত যৰ অঙ্কুশ, অনামিকা কনিষ্ঠ অঙ্গুলি সমান, হস্ত পদ চক্ষু ৰক্ত। এনে জনে পিতৃ স্বৰ্গী হলত ১৩১১ শকত