সমললৈ যাওক

পৃষ্ঠা:পুৰণি অসমীয়া সাহিত্য.pdf/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৬
পুৰণি অসমীয়া সাহিত্য


অঙ্ক থাকে। অসমীয়া নাটতো গুৰিৰপৰা আগলৈকে একেটি ‘অঙ্ক’ মাথোন। সংস্কৃতৰ এক অঙ্ক থকা ভাণৰ লগত আমাৰ অঙ্কীয়া ভাওনাৰ কিবা সম্বন্ধ থাকিব পাৰে। এইটোও অলপ মন কৰিব লগীয়া যে পুৰণি গ্ৰীক্ নাটবোৰতো একেটি মাথোন অঙ্ক থাকে।

 সূত্ৰধাৰৰ অভিনৱ ভাও-কল্পনাৰ লগত নাটৰ এক অঙ্কৰ এটি ডাঙৰ সম্বন্ধ আছে। আধুনিক আৰু পুৰণি নাটবোৰো বেলেগ বেলেগ অঙ্কত বিভক্ত। সূত্ৰধাৰৰ নতুন ৰূপ কল্পনাৰপৰা অঙ্কীয়া নাটক বেলেগ বেলেগ অঙ্কত বিভাগ কৰাৰ প্ৰয়োজনীয়তা উঠি গ’ল। আধুনিক নাটৰ দুটি অঙ্কৰ মাজডোখৰত যি ঘটনা-পৰম্পৰা হয়, অঙ্কীয়া নাটত সূত্ৰধাৰে গীত আৰু কথাৰ সহায়েৰে সমজুৱাসকলক সেই ঘটনাৱলীক সংক্ষিপ্ত কৰি দিয়ে। পৰবৰ্তী ‘কথা”. বুজিবলৈ সূত্ৰধাৰৰ বচনে পাতনিৰ কাম কৰে। যেনে চোৰধৰা নাটত এপিনে যেতিয়া গোৱালিনীসকলে কৃষ্ণক চোৰ ধৰি শাস্তি স্বৰূপে নাচিবলৈ দিছে, তেতিয়া আনপিনে যশোদাদেৱীয়ে কৃষ্ণ হেৰাল বুলি বাটৰুৱা মানুহবোৰক সুধি ফুৰিব লাগিছে। আধুনিক নাটত এই দুটা দৃশ্য বেলেগ বেলেগ স্বতন্ত্ৰ দৃশ্যত দেখুওৱা হ’লহেঁতেন। কিন্তু অঙ্কীয়া নাটত সূত্ৰধাৰৰ কথাৰ সূতাৰে দুয়োটা ঘটনাক একেলগে গাঁথি পেলোৱা হৈছে।—

॥ কথা॥

 সূত্ৰধাৰ বোল : ঐছন প্ৰকাৰে শ্ৰীকৃষ্ণ গোপীসৱক মনোৰথ পূৰিয়ে নানাবিধ কৌতুক-নৃত্য কৰিয়ে আনন্দে তথি থিক। তদনন্তৰে যশোদা আপুন বালক ঘৰে নাহি পেখিয়ে পুত্ৰ-স্নেহে আকুলিত হুয়া যমুনাক তাৰে তীৰে চায়া বেড়াইতে জৈছে পথিক জনত বাত পুছত তা দেখহ শুনহ নিৰন্তৰে হৰিবোল হৰিবোল।

 কথাখিনি মন দি চালে দেখা যাব, আধুনিক নাটকৰ যিখিনি ঠাইত বন্ধনী চিনৰ ভিতৰত দৃশ্য আদিৰ কথা উল্লেখ থাকে, অঙ্কীয়া নাটত সূত্ৰধাৰৰ কথাই সেই বন্ধনী চিনৰ কামো কৰে। তাৰ বাহিৰেও পৰবৰ্তী ঘটনাৰ যি সূচনা দিয়ে, তাৰপৰা সমজুৱাসকলৰ