সমললৈ যাওক

পৃষ্ঠা:পদ্যাৱলী.pdf/১১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১২
পদ্যাৱলী ৷

এতিয়া বিদায় সখি! ললোঁ তযু ঠাই,
ৰাখা যেন দ্ৰুপদক মনত সদায়।”
ইদৰে সম্ভাষা কৰি ৰাজাৰ নন্দন,
দূতসহ পাঞ্চালত কৰিলে গমন।
যথাবিধি পিতাৰ অন্ত্যেষ্টিক্ৰিয়া কৰি,
ললে ৰাজদণ্ড নিজে শুভ অনুসৰি।
বিবাহাদি ক্ৰিয়াকাণ্ড হল সময়ত,
শাসিব ধৰিলে ৰাজ্য ৰাজ-বিধানত।
ইপিনে মুনিৰ পুত্ৰ দ্ৰোণ মতিমান্,
বেদ-বিধি অধ্যয়ন কৰি সমাধান।
কৰিলে বিবাহ কৃপী কৃপ-সহোদৰা,
লভিলে তনয় এক খ্য়াত বসুন্ধৰা।
অশ্বত্থামা নাম তাৰ পৰম সুন্দৰ,
দিনে দিনে বাঢ়ে শিশু যেন শশধৰ!
ক্ৰমে আন শিশু সহ হৈ একত্ৰিত,
কৰে নানা বাল্যক্ৰীড়া অতি হৰষিত।
এই শিশুদল মাজে মাজে ক্ৰীড়া এৰি,
যায় গৃহে আহে পুনু দুগ্ধপান কৰি।
দ্ৰোণৰ কোৱঁৰো গৈ জননীৰ ঠাই,
মাগে “পিপাসিত মই, দুগ্ধ দিয়া আই!”
জননী কৌশল কৰি পিঠাগুৰি পানী,
সন্তান সম্মুখে দেবী পীব দিয়ে আনি।