এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২
নতুন ধাৰাপাত
পঞ্চ পৰ্ব্ব
অষ্টমী, চতুৰ্দ্দশী, অমাবস্যা, পূৰ্ণিমা আৰু সংক্ৰান্তি।
পঞ্চ দেৱতা
শিৱ, দুৰ্গা, গণেশ, বিষ্ণু আৰু সূৰ্য্য।
জীৱনৰ পঞ্চ ভাগ
শৈশৱ, কৈশোৰ, যৌৱন, প্ৰৌঢ়তা আৰু বৃদ্ধৱস্থা।
ভকতৰ পঞ্চ চিহ্ন
ধ্বজ, ব্ৰজ, পংকজ, অংকুশ আৰু যব।
পিতৃ পাঁচজন
অন্নদাতা, ত্ৰাতা, জন্মদাতা, দীক্ষাদাতা আৰু শিক্ষাদাতা।
মুক্তি পাঁচ প্ৰকাৰ
সালোক্য, সমীপা, সাযুজ্য, সাৰূপ্য আৰু নিৰ্ব্বাণ।
হিন্দু ধৰ্ম্মৰ ভাগ পাঁচোটা
শৈৱ, শাক্ত, সৌৰ, গাণপত্য আৰু বৈষ্ণৱ।
নিষিদ্ধ বাদ্য
শিৱ মন্দিৰত কৰতাল, সূৰ্য্য গৃহত শঙ্খ, দুৰ্গা মণ্ডপত বাঁহী আৰু মাধুৰী, ব্ৰহ্ম গৃহত ঢাক আৰু লক্ষ্মী গৃহত ঘণ্টা বজাব নেলাগে।
—8—
—8সমাপ্ত8—
—8—