“জয় ৰাম বোলা। জয় হৰি বোলা; ” এই বুলি হৰি-ধ্বনি দি দেৱীৰ ওচৰৰ পৰা তিনিধাৰি মালা আনি ৰাইজে তিনিউজনকে পিন্ধাই আকৌ হৰি-ধ্বনি কৰিলে। তিনিও আঠু লই সেই মালা গ্ৰহণ কৰিলে; তাৰ পিছত হৰদত্তে:— “দূৰ্গে দুৰ্গতিনাশিনী, ভব ভয় হাৰিণী” বুলি দেবীক সেৱা কৰি জনালে—“বাপসকল! আপোনালোকৰ আদেশ অনুমতি মতে এই দাসে এই ডাঙ্গৰ ভাৰটো গ্ৰহণ কৰিলোঁ। আপোনাসকলৰ বলেই মোৰ বল। আপোনালোকৰ উৎসাহেই মোৰ উৎসাহ আপোনাসকলৰ শক্তিয়েই মোৰ শক্তি। আপোনাসকলে অকাতৰে যদি সহায় কৰে, তেন্তে নিশ্চয় আমি আহোমাক খেদিব পাৰিম।” এই কথাৰ পিছত সভা ভঙ্গ হল। দুই তিনটা মান বজাতসকলোৱে মিলি পুঠীমাৰি নইত দেবী-বিসজ্জন দিলে। গধূলি সকলোৱে বৰনাম ধৰি পিছদিনা সকলো বৰুৱা আৰু চৌধাৰীয়ে খাই-বই উঠি ঘৰা ঘৰি গ’ল।
ফুলনিত সেই দিন পদুমীয়ে সৈতে কথা ইয়াৰ পৰা মহীৰাম সদায় বিৰস মনেৰে আছিল। অনেক ভাবি চিন্তি মহীৰামে স্থিৰ কৰিলে যে তেওঁ চেগ চাই, সুবিধা চাই