সমললৈ যাওক

পৃষ্ঠা:দক্ষ-যজ্ঞ.djvu/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৫)

যেনেকৈ অসংখ্য লোকৰ আগত যজ্ঞ স্থলত মোক অপমান কৰিলে, ময়ো তেনেকৈ মহাযজ্ঞ পাতি ততোধিক তেওঁৰ অপ মান কৰিম। যজ্ঞলৈ স্বৰ্গ মৰ্ত্ত্য পাতাল ত্ৰিভূবনবাসীক নিমন্ত্ৰণ কৰিম–কেৱল শিৱক নিমন্ত্ৰণ নকৰোঁ।

সভাসদবৰ্গ।—মহাৰাজ, আমাৰ মনেৰে ইয়াতেকৈ আৰু ভাল উপায় হব নোৱাৰে।

মন্ত্ৰী।—এয়ে বিশিষ্ট উপায়। এতেকে, হে ৰাজন, আপুনি শিবহীন যজ্ঞৰ আয়োজন কৰক।

(গান গাই গাই নাৰদৰ প্ৰবেশ।)

নাৰদ।—

ৰাগিণী খাম্বাজ-তাল একতালা।

জয় জগ-তাৰণ, জগত-জীৱন, জগদীশ জগ-মোহন হে।
তুমি পৰাৎপৰ, পৰম-ঈশ্বৰ, পৰমাত্মা পৰ-কাৰণ হে।
বিশ্ব-বিয়াপক, বিভূতি-নায়ক, বিপদ ভয়-বাৰণ হে।
তুমি দেবোত্তম, সত্ব ৰজতম, গুণগণ অবলম্বন হে॥

দক্ষ।—দেবৰ্ষি মোৰ বৰ ভাগ্য, তুমি এনে সময়ত আহি উপস্থিত হলাহি। তোমাক এটা কামৰ ভাৰ দিওঁ, আশা কৰোঁ তুমি অলপ কষ্ট স্বীকাৰ কৰি মোৰ অনুৰোধ ৰক্ষা কৰিবা। বোপা, দেৱ যজ্ঞত শিৱই মোৰ যি অপমাননা কৰিলে, তাৰ প্ৰতিশোধ লবৰ নিমিত্তে মই এটি শিৱহীন যজ্ঞ পাতিছোঁ। শিৱত বাজে ত্ৰিভুবন বাসীক সেই যজ্ঞলৈ নিমন্ত্ৰণ কৰিম। তুমি অনুগ্ৰহ কৰি সকলোকে নিমন্ত্ৰণ কৰিবগৈ লাগে। তোমাত বাজে এনে গুৰুতৰ বিষয় সম্পাদন কৰোঁতা আৰু আন কোনো নাই।

নাৰদ।—আপোনাৰ আজ্ঞা অৱশ্যে মই প্ৰতিপালন কৰিম। কিন্তু, হে