সমললৈ যাওক

পৃষ্ঠা:তত্ত্ব আৰু তথ্য.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

অসমৰ তামৰ ফলি।

 আমাৰ দেশত শিলৰ ফলি আৰু তামৰ ফলি এই দুই বিধৰেই প্ৰচলন আছে। ঐতিহাসিক ঘটনা নিৰ্দ্দেশক ঠাইত আৰু মন্দিৰ আদি নিৰ্ম্মাণ কৰা ঠাইত শিলৰ ফলি ব্যৱহৃত হৈছিল। কিন্তু তামৰ ফলি প্ৰধানতঃ ভূমিদান দিওঁতেহে ব্যৱহাৰ হৈছিল। কুমাৰ ভাস্কববৰ্ম্মাৰ দিনৰে পৰা তামৰ ফলি অসমত প্ৰচলিত আছে। আহোম যুগত গদাধৰসিংহ, ৰুদ্ৰসিংহ, শিৱসিংহ, প্ৰমত্তসিংহ, ৰাজেশ্বৰসিংহ, লক্ষ্মীসিংহ, গৌৰীনাথ সিংহ, আৰু কমলেশ্বৰসিংহই ধৰ্ম্মোত্তৰ, দেবোত্তৰ, ব্ৰহ্মোত্তৰ, নানকাৰ ইত্যাদি ভূমিদান তামৰ ফলিতহে লিখি দিছিল। অসম বুবঞ্জীক সৰ্ব্বাঙ্গীন কৰিবলৈ তামৰ ফলি এটা প্ৰধান সম্বল। তামৰ ফলিবোৰ সাধাৰণতঃ দুই প্ৰকাৰ দেখা যায়। এক প্ৰকাৰ পুথিৰ পাতৰ দৰে চুটি আৰু পাত জপা দি জাপি থোৱা হৈছিল। আন প্ৰকাৰ চটীয়া তামৰ পাত। দীঘলে এমুঠনমান আৰু পূতলে দেৰ বেগেতমান। কেতিয়াবা এনে দুই চাৰিখন তামৰ ফলি এটা তামৰ আঙঠিৰে সাঙুৰি থোৱা হৈছিল। এই ফলিবোৰ ঘাইকৈ সংস্কৃত আৰু অসমীয়াত