সমললৈ যাওক

পৃষ্ঠা:জলকীয়াৰ পুনৰ্জীৱন অভিযান আৰু অন্যান্য.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫

 এনেদৰে এক অস্থিৰ মন লৈ মই লাহে লাহে ভট্টদেৱ বিশ্ব বিদ্যালয়ৰ চৌহদ পাৰ হ’লোঁ। মই ওলাই অহা পথটোৰ বাহিৰে, পথৰ দুয়োদিশ যেন ডাঠ কুঁৱলীয়ে ঢাকি ধৰিছিল। মই একো দেখা মনত নপৰে। তেনেকৈয়ে চৌহদ পাৰ হৈ পথৰ কাষত ৰখাই থোৱা মোৰ গাড়ীখনত বহি পৰিলোঁ। ক্ষন্তেক ৰৈ গাড়ীত ষ্টাৰ্ট দিলোঁ। আন্ধাৰ কোঠাৰপৰা ওলাই পোহৰত ভৰি দিয়াৰ দৰে ময়ো প্ৰায় দুফাৰ্লং পথ অতিক্ৰম কৰি ৰাষ্ট্ৰীয় ঘাই পথত উঠিলোঁ।

 নিৰাশাৰ সাগৰত আশাৰ নাওখনে টুলুং-ভুটুং কৰিলেও সহজে ডুব যোৱা বিধৰ নহয়। জলকীয়াত কেতিয়াবা যে জলা ঘূৰি আহিব, সেই আশা মই প্ৰায় এৰিয়েই পেলাইছোঁ; কিন্তু জলা নোহোৱাৰ কাৰণ কি, ইয়াৰ ভৱিষ্যত সংশোধনী কি হ’ব, সেইটো নিৰ্ণয় হ’লেই মই এজন আৱিষ্কাৰক বিজ্ঞানী, অথবা গৱেষণাকাৰী ’পণ্ডিত’ (ডক্টৰেট) হোৱাৰ সম্ভাৱনা নথকা নহয়। এতিয়ালৈকে ‘জলকীয়াৰ জলা’ বিষয়ত কোনেও গৱেষণা কৰা নাই। গতিকে মই যদি কৃতকাৰ্য্য হ’ব পাৰোঁ, তেন্তে নিজাকৈ হলেও নামৰ আগত ‘ডঃ’ লিখিবলৈ সক্ষম হ’ম।

 ‘সাহিত্যিক পেঞ্চনাৰ’ উপাধিৰ কথাটোও মনলৈ আহিল। আজিকালি এখনো পুথি নিলিখাকৈয়ে ‘সাহিত্যিক পেঞ্চন’ লাভ কৰে আৰু ৰাইজেও তেনে লোকৰ নামৰ আগত “সাহিত্যিক পেঞ্চনাৰ” বুলি নিজ সংস্থাৰো গৌৰৱ বঢ়ায় আৰু ব্যক্তিজনকো মহান কৰি তোলে- যেন সাহিত্যক পেঞ্চন এটা উপাধিহে, যেন এটা ডিগ্ৰীহে! আটাইতকৈ মজাৰ আৰু নিৰাপদ বিষয়টো হ’ল এবাৰ এনে উপাধি দিয়াৰ পিছত কোনেও খবৰ নলয়, ব্যক্তিজন কেনেকৈ সেই উপাধিৰ যোগ্য হ’ল, বা কি কামৰ বাবে সেই পেঞ্চন পালে। সেয়ে, ময়ো যদি এবাৰ কিবাকৈ এই উপাধিবোৰৰ কিবা এটা লিখাই ল’ব পাৰোঁ, তেন্তে মৃত্যুৰ পিছতো মোক সিয়ে জীয়াই ৰাখিব।

 ভাবিলেই ভাল লাগে, - সেই যে ৰামায়ণ-মহাভাৰতৰ সাধুৰে দুখনমান শিশু পুথি লিখা গুৱাহাটীৰ নিৰাপদ দেৱ চৌধুৰী; এখন নে দুখন পদ পুথি লিখা নম্ৰকৃপা গোস্বামী; কাকতত চিঠি-পত্ৰ আৰু কেইটামান আলোচনা লিখি সাহিত্যিক পেঞ্চন পোৱা নবীন্দ্ৰ নাৰায়ণ গোস্বামীৰ নামৰ আগত ৰাইজে “সাহিত্যিক পেঞ্চনাৰ” বুলি লিখি মেল-মিটিঙলৈ আমন্ত্ৰণ কৰি আনি সন্মান প্ৰদৰ্শন কৰে, সেইটো তেওঁলোকৰ বাবে কম গৌৰৱৰ কথানে? পেঞ্চনো পালে ফাঁকত, উপাধিও পালে