পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৮ অ]
৩৪৭
শ্ৰীশ্ৰীশঙ্কৰদেৱ মাধৱদেৱ চৰিত

যিমান মনত  পৰে স্বৰূপত
 সেহি মান আসি লেখি॥২৯॥
আৰো আত ভ্ৰান্তি  আশয় আশক্তি
 প্ৰমাদ এচাৰি দোষ।
আতো থাকি আন  আসে মহাজন
 ন কৰিবা অসন্তোষ॥৩০॥
আৰো মই অল্প—  —মতি শিশু প্ৰায়
 জানিয়া মহন্ত সবে৷
মাধৱ শঙ্কৰ  বোলা নিৰন্তৰ
 বৈকুঠক যাইবা যেবে॥

⸺⸺

ঊনসপ্ততি অধ্যায়

—ৰঘূদেৱ ৰজাৰ নিগ্ৰহ (১)—

আছন্ত মাধৱদেৱ বৰপেটা থানে॥
এককালে যেন ভৈল শুনা সাৱধানে॥
দিনেক মাধৱদেৱ বসিয়া আছন্ত।


 (১) ৰঘুদেৱ ৰজাই মাধৱদেৱক ধৰি আনা সম্পৰ্কে ৰামচৰণ ঠাকুৰৰ শঙ্কৰচৰিতত ( ৬ষ্ঠ খণ্ড—৩৯৭৮—৯৮২ পদত) বহলাই লিখা আছে। ৰঘুদেৱ চিলাৰায় দেৱানৰ পুত্ৰ। পিতাৰ মৃত্যুৰ পিচত সঙ্কোষ নৈৰ পূব অঞ্চললৈ আহি বেলেগ ভাৱেৰে থাকে আৰু ১৫৮৭ খৃষ্টাব্দত নৰনাৰায়ণৰ মৃত্যুৰ পিচত স্বাধীনতা ঘোষণা কৰি নিজৰ নামত মুদ্ৰা প্ৰচলন কৰে। ১৬০৩ খৃষ্টাব্দত ঘাতকৰ হাতত তেওঁ নিহত হয়।