সমললৈ যাওক

পৃষ্ঠা:গুৰুচৰিত.djvu/৮৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পৃথিবীত পৰি দীৰ্ঘৰাৱ কাঢ়ি
কান্দিব লাগিলা দুখে॥ ৩৯৮৯
হায় কি কৰিলো আজিসে মৰিলো
অনাথিনী ভৈলো আমি।
ভৈলো সৰ্বনাশ নাহি মোৰ আশ
যোৱ মোক এৰি তুমি॥
মাধৱে বোলন্ত আমাৰ গাৱত
বাক্যবাণে বিন্ধি আছে।
থাকা বুলি আই আগবাঢ়ি যায়
চৰণত পৰি পাচে॥ ৩৯৯০
সুন্দৰীদিয়াত মাধৱে তথাত
বহিলন্ত গৈয়া তবে।
শুনা সাধুজন কৰি একমন
কহো এক কথা আবে॥

বনগঞাগিৰিৰ উৎপীড়ন

বনগঞা ভূঞা লোকক পঠায়
গোচৰ দিয়াইলা পাচে।
একখানি কন্যা ৰূপে গুণে ধন্যা
আমাৰ নগৰে আছে॥ ৩৯৯১
আনিয়ো দেৱান দিলো আমি জান
দূত পঠাই এতিক্ষণ।