সমললৈ যাওক

পৃষ্ঠা:গুৰুচৰিত.djvu/৮৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাপ কৰি হত  তৰিবা কলিত
বৈকুণ্ঠক যাইবা লৰি॥ ৩৮৯৬
শঙ্কৰ মাধৱ  পৰম বান্ধৱ
হৃদয়ৰ বস্তু সৰি।
কলিযুগে আসি  ভকতি প্ৰকাশি
কৰিলা লোক নিস্তাৰ॥
বেদৰ গুপুত  দৈৱকীৰ সুত
কৰিলা তাঙ্ক বিদিত।
ধৰা তান পাৱে  মহা প্ৰেমভাৱে
কৰি সাৱধান চিত॥ ৩৮৯৭
ইহলোকে নতি  পৰলোকে গতি
দাতা তান্ত বিনে নাই।
তাঙ্ক গুৰু এৰি  নৰকত পৰি
ভুঞ্জিবে যাতনা যাই॥
কৰা মোক দায়া  দূৰ কৰা মায়া
কৃপাৰ সাগৰ তুমি।
এৰি আন কাম  বোলা ৰাম ৰাম
কৰোহো কাকূতি আমি॥ ৩৮৯৮

পদ

শুনা সভাসদ সব কথা নিৰন্তৰ।
বৈকুণ্ঠ প্ৰয়াণ ইটো লীলা শঙ্কৰৰ॥