সন্ত মহন্তক নিন্দা কৰি নৰক ভুঞ্জিব মৰি মৰি
নাহিকে নিস্তাৰ কৰিবেক যমে ডৰ॥ ৩৭৮৩
যেন তুলসীক নজানয় কুকুৰে তাহাত প্ৰস্ৰাৱয়
তাত পৰে নাই ভকতি মহা বিহীন।
নৰকৰ বাট লৈলে সাঞ্চি ভকতি নভৈল এক কাঞ্চি
জানিবা সিটো আতি মন্দমতি দীন॥
মহন্তক নিন্দা কৰে যিটো নৰকত গৈয়া পৰে সিটো
জানিবা পাচত হুইবে যম কিঙ্কৰ।
একোকালে তাৰ গতি নাই কহি আছে শাস্ত্ৰে ঠাই ঠাই
হেন জানি এৰিয়োক নিন্দা ভকতৰ॥ ৩৭৮৪
নিজ অংশে আসি অৱতৰি শ্ৰীমন্ত শঙ্কৰদেৱ হৰি
তান গুণ সব জগততে প্ৰচাৰিলা।
মনুষ্যৰ ছলে লীলা কৰি লোকক ছলিলা ছদ্ম কৰি
বাৰে বাৰে পৃথিবীত কৰিলন্ত লীলা॥
মই মহাপাপী সেৱা চোৰ গুৰুপাৱে ভক্তি নাহি মোৰ
কৰা মোক দয়া দৈৱকীনন্দন দেৱ।
তযু কৃপা মিলে মোক যেবে সংসাৰৰ পাৰ পাওঁ তেৱে
তুমি বিনে মোক তৰন্তা নাহিকে কেৱ॥ ৩৭৮৫
দীন দুখী হেন মোক জানি কৃপা কৰা মোক চক্ৰপাণি
তোমাৰ চৰণে শৰণ কৰিলো সাৰ।
তযু পদতলে মোৰ ঠাই দিয়ো মোক তুমি যদুৰায়
মোক নাৰায়ণ ইবাৰ কৰা উদ্ধাৰ॥
পৃষ্ঠা:গুৰুচৰিত.djvu/৮৩৬
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
![](http://upload.wikimedia.org/wikipedia/commons/thumb/b/b9/%E0%A6%97%E0%A7%81%E0%A7%B0%E0%A7%81%E0%A6%9A%E0%A7%B0%E0%A6%BF%E0%A6%A4.djvu/page836-1022px-%E0%A6%97%E0%A7%81%E0%A7%B0%E0%A7%81%E0%A6%9A%E0%A7%B0%E0%A6%BF%E0%A6%A4.djvu.jpg)