মাধৱে সুধিলে শঙ্কৰত বোল বাপ তাৰ কোৱা তত্ব
দেৱাপি মৰুৰ থান কৈত তাসম্বাৰ॥ ৩৭৭২
কোনোদিশে আছে কয়ো তাক শুনো ভাল কৰি আমি তাক
কোন ৰাজ্যে আছে কহিত কলাপ গ্ৰাম।
শঙ্কৰে বোলত শুনা পাচে কহে তাৰা দুই যৈত আছে
পৰম পৱিত্ৰ থান সিটো অনুপাম॥
হেমন্তগিৰিৰ দক্ষিণত ব্ৰহ্মাৰ পুত্ৰৰ উত্তৰত
তাক লোকজন বোলয় কল্যাণপুৰ।
পৃথিবী পাতাল পশি দুই যোগ চিৰি আছে উৰ্দ্ধমুই
অসম দেশৰ নুহিকয় সিটো দূৰ॥ ৩৭৭৩
আশ্ৰম সহিতে তল গৈল উপৰত বৰ বিল ভৈল
যোগবলে সিটো জলক খেদিয়া থৈল।
তাক লোকজনে নজানয় আনসে দেশৰ কথা কয়
দেখা তাৰা দুইকো উপৰে জলে ঢাকিল॥
পৰ্ব্বত শিখৰে আছে বিল তৃণ বনে কৰে হলফল
তাৰ লোক যত সুখী সবে নিৰন্তৰ।
সেহি বিল হতে বহি যাই জলসব হুয়া একঠাই
তাক ব্ৰহ্মজল কহে সবে নাৰীনৰ॥ ৩৭৭৪
দিক্ৰঙ্গে গৈয়া আছে পৰি কহিলোহো তাক নিষ্ঠ কৰি
প্ৰবীৰ পুৰাণে কহিয়া আক আছয়।
গঙ্গাৰ ভাগিন পিচলাক তাহাৰ উপৰে দেখা তাক
সিয়ো দিক্ৰঙ্গে বহিয়া আসি পৰয়॥
পৃষ্ঠা:গুৰুচৰিত.djvu/৮৩২
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
![](http://upload.wikimedia.org/wikipedia/commons/thumb/b/b9/%E0%A6%97%E0%A7%81%E0%A7%B0%E0%A7%81%E0%A6%9A%E0%A7%B0%E0%A6%BF%E0%A6%A4.djvu/page832-1022px-%E0%A6%97%E0%A7%81%E0%A7%B0%E0%A7%81%E0%A6%9A%E0%A7%B0%E0%A6%BF%E0%A6%A4.djvu.jpg)