সমললৈ যাওক

পৃষ্ঠা:গুৰুচৰিত.djvu/৭৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৪৪
গুৰু-চৰিত

কৰোহো প্ৰণতি    সাধুৰ সঙ্গতি

 দিয়োক বাঞ্ছিত কাম।।

কলিৰ যুগত    নাম ভকতত

 নভৈলা যাহাৰ ৰতি।

জানা কদাচিত    নতৰয় সিটো

 নাই নাই তাৰ গতি ।।৩৪৪৭

গুৰু যশ ৰস    ভকত সৰ্ব্বস্ব

 ধৰা আক গলে বান্ধি।

এতিক্ষণে আত    কৰা আল জাল

 পাচে মৰিবাহা কান্দি।।

গুৰুৰ অমূল্য    কমল নিৰ্ম্মল

 পদতলে মোৰ বাস।

বোলা ৰাম ৰাম    ছাড়া আন কাম

 কহে ৰাম দীনদাস ।।৩৪৪৮