বনগয়া মাতৃ ত্ৰাসে পুত্ৰ কোলে লৈয়া।
আথে বেথে চোতালত পৰিলেক গৈয়া ॥
ঘনে ঘনে সৰ্পগোট ফোকাৰ তেজয় ।
লহ লহ জিহবা আতি দেখি লাগে ভয় ॥১২২১
দুই গোটা চক্ষু তাৰ জলে তৰঙ্গিনী ।
চাহি আছা তাহাকো শঙ্কৰ শিৰোমণি ॥
লগাইলেক বাতি গৃহ ভৈল দিনময় ।
বুঢ়ীআই শঙ্কৰক ধৰিয়া আছয় ॥ ১২২২
কৰে কোলাহল ত্ৰাসে মাতে ৰিঙ্গ দিয়া ।
চাপিলন্ত লোকে হেন কথাক শুনিয়া ॥
গোসানীয়ো কাম্পে ত্ৰাসে শঙ্কৰক এৰি ।
দাঙ্গ ধৰি আছয় গৃহৰ লোকে বেঢ়ি ॥ ১২২৩
বোলে মোৰ ঘৰে আসি সোমায় আছে কিক ।
ক্ৰুৰ জাতি অথম পাতকী ধিক ধিক ॥
এহি বুলি লাজত ধৰিয়া চাম্প দিয়া ।
পেলাইলা বাহিৰে নিয়া আজুৰি টানিয়া ॥ ১২২৪
দুই হাতে আথে বেথে তুলি দাঙ্গি খৰি ।
ফুৰাইলন্ত ওপৰত সাত পাক কৰি ॥
পাকতে ছিণ্ডিল সিটো সাতখণ্ড হই ।
শুনা ইটো কথা কদাচিতো মিছা নুই ॥১২২৫
কেচুক বালকে যেন তুলি পাক দিলা ।
সেহিতাবে ধৰি তাঙ্ক শঙ্কৰে মাৰিলা ॥
পৃষ্ঠা:গুৰুচৰিত.djvu/২৮৪
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬৮
![](http://upload.wikimedia.org/wikipedia/commons/thumb/b/b9/%E0%A6%97%E0%A7%81%E0%A7%B0%E0%A7%81%E0%A6%9A%E0%A7%B0%E0%A6%BF%E0%A6%A4.djvu/page284-1022px-%E0%A6%97%E0%A7%81%E0%A7%B0%E0%A7%81%E0%A6%9A%E0%A7%B0%E0%A6%BF%E0%A6%A4.djvu.jpg)