সমললৈ যাওক

পৃষ্ঠা:গুৰুচৰিত.djvu/২২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০৯
দ্বিতীয় খণ্ড

আপুনি বুঢ়াখা তৈতে চিতাক নিৰ্ম্মিলা।
জয়ন্ত কুসুমে ধৰি তাহাত তুলিলা॥৯৬১
অনন্তৰে কুসুমে দিলন্ত মুখাগ্নিক।
ঘৃত পাই অগনিয়ো জ্বলিলা অধিক॥
নিমিষেকে সূৰ্যবৰ পুৰি ভষ্ম ভৈল।
বহুতৰ বিপ্ৰক তথাতে দান দিল॥৯৬২
নৰোত্তম গুৰু বেদমন্ত্ৰ উচ্চাৰিল।
তীৰত সমুখে কুসুমেয়ো পিণ্ড দিল॥
অনন্তৰে পাচে সবে ঘৰা ঘৰি গৈলা।
মহাশোকে কুসুমেয়ো মনদুখে ৰৈলা॥ ৯৬৩
অষ্টমাস শঙ্কৰৰ আসি ভৈল বেবে।
এক অদভুত কৰ্ম্ম মিলিলেক তেবে॥
আঠু এৰি শঙ্কৰৰ ফুৰয় থিয় দাঙ্গি।
ষাঠি পুৰা সৰিয়হ পৰিল চাঙ্গ ভাঙ্গি॥৯৬৪
ভাণ্ডাৰৰ আগে বসি আছা জগন্নাথ।
ডুলি ভাঙ্গি পৰি ৰৈল শঙ্কৰৰ মাথ॥
চোতালত বসি ভূঞাসবে কৰে মেল।
বহুতৰ কটকে কৰয় তলবল॥৯৬৫
বিৰিয়াৰ উঠিয়া কুসুমে দিল শৰ।
দেখি সমজ্যাৰ লোকে ভৈল থৰ বৰ॥
হেন দেখি গোসানীয়ে ধাকুৰয় হিয়া।
সবে লোকে চাহিয়া আছয় তধা দিয়া॥ ৯৬৬

১৪