সমললৈ যাওক

পৃষ্ঠা:গুৰুচৰিত.djvu/১২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৬
গুৰু-চৰিত

যাতো বহুকাল গুপুতে আছিলা
দ্ৰৱ জল নিৰন্তৰ॥৪৮৪
অন্যাপিও তাতে গঙ্গাধৰ নাম
গুপুত হৈব নিশ্চয়।
শঙ্কৰ যে নাম হৈবেক প্ৰসিদ্ধ
সৰ্ব্বলোকে ঘুষিবয়॥
বেদৰ গোপনি কথা হেন শুনি
কৰিলন্ত জয়ধ্বনি।
ইসব কথাক কহিলা সকলে
সণ্ঢৰায়ে গণি গণি॥৪৮৫
শুনিয়া কুসুম শঙ্কৰৰ বৰে
পাইলা পুত্ৰ গুণৱন্ত।
তাতেসে শঙ্কৰ নাম থৈলা আৰ
বিচাৰ কৰিয়া অন্ত॥
সণ্ঢৰা দলৈক সুৱৰ্ণ ৰজত
দিলা বস্ত্ৰ অলঙ্কাৰ।
জলপাত্ৰ লৈলা কাহিক লভিয়া
হৰিষৰ নাহি পাৰ॥৪৮৬
আখৈ লাৰু চিনি খণ্ড মিঠৈ ফেনি
কৰি আছা নানা ভাৱে।
বিপ্ৰ আদি কৰি ভুঞাঁ যত লোক
দিলা সবে গাৱে গাৱে॥