সমললৈ যাওক

পৃষ্ঠা:গুৰুচৰিত.djvu/১০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৭
দ্বিতীয় খণ্ড

গুণি গান্থি কুসুম ৰহিলা পাচে তথা।
আত অনন্তৰে আৰো শুনা যেন কথা॥৪১৩
চতুৰ্ভুজ বুঢ়াখাঁক দুইকো লগে লৈয়া।
গোহালিৰ আৰ হ্য়া নিকটত হুয়া॥
নিদ্ৰা পাৰি ৰহিয়া তিনিয়ো আহা চাই।
মুণ্ড সোলোকাই পাচে ধেনু পলাই যাই॥৪১৪
হেন দেখি তিনিয়ো চলিলা তাইৰ কাছে।
লৌহিত্যত নামি দেখে পাৰ ভৈলা পাছে॥
নাৱে চৰি তিনিযো খেদয় পাচে পাচে।
উঠিলেক ধেনু গৈয়া শিঙ্গৰীৰ কাছে॥ ৪১৫
ঘোষমোষা হুয়া তেৱে ৰহিলা তথাত।
লৱৰন্তে শ্ৰান্ত ভৈলা চূৰ্ত্তি নাহি গাত॥
কপিলীও গহ্বৰত পশিলন্ত গৈয়া।
দেউৰীসকলে আছে আনন্দে চাহিয়া॥৪১৬
থিয় হুয়া ধেনু পাছে বহিলন্ত আগে।
নমিলন্ত হৰক কপিলী মহাভাগে॥
বহিবাক লাগিলা আছয় দুগ্ধ যত।
ঘৰ ঘৰ কৰি পৰে হৰৰ মুখত॥ ৪১৭
সেহিদিনা হন্তে তাইৰ পা্য়া সবে ভেদ।
কিনো ভাগ্য এইৰ বুলি কৰে বহু খেদ॥
তিনি হন্তে কতো বেলি বাহিৰত আছি।
কিছো নুবুলিয়া তৈৰ আসিলন্ত গুচি॥ ৪১৮