সমললৈ যাওক

পৃষ্ঠা:গীতাসাৰ.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২। আধ্যা।
৪৭৭
 

কৰ্তব্যজ্ঞান এইদৰে বাখ্যা কৰি যাবলৈ ধৰিলে, “হে অৰ্জুন! ইতিপূৰ্ব্বত যে মই কেতিয়াও নাছিলোঁ এনে নহয়, তুমিও যে নাছিলাঁ সিও নহয়, এই সমবেত ভূপতিগণ যে নাছিল সেইটোও নহয়; ইয়াৰ পাচতো যে মই, তুমি আৰু এই ৰাজন্যবৰ্গ নাথাকিমহঁক তেনেও নহয়। প্ৰকৃততে আমি আগেয়েও আছিলোঁ, এতিয়াও আছোঁ আৰু আগলৈকো অটুটভাৱে বিদ্যমান থাকিম। দেহীৰ একেটা দেহাতে যেনেকৈ কৌমাৰ, যৌৱন আৰু জৰা লক্ষিত হোৱাটো আচৰিত নহয়, এটা দেখা এৰাৰ পাচত আত্মাই অন্য এটা দেহাধাৰণ কৰাও তেনেকৈয়ে নোহোৱা- কথা নহয়। গতিকে জ্ঞানী লোকে এনে দেহা-সলনিত বিমুগ্ধ বা বিচলিত নহয় (১)। কাৰণ, একে আত্মাই বিভূৰূপে সকলো দেহাতে বিৰাজমান। লৰাকালত যি আত্ম, ডেকাকালতো সেই আত্মা, বুঢ়া কালতো সেই আত্মাই। আত্মাৰ অন্যধা নহয় (২)। যিজনক সংসাৰত ইন্দ্ৰিয়বৃত্তি বা বিষয়ৰ স্পৰ্শে বিচলিত কৰিব নোৱাৰে, আৰু যি ধীৰলোকৰ মানত সুখ আৰু দুখ সমান, তেওঁৱেই হে ধৰ্ম্মজ্ঞানৰ বলত মোক্ষলাভৰ উপযোগী হয় (৩)। অনেকে অন্তঃকৰণৰ ক্ৰিয়াকে (৪) আত্মাৰ ক্ৰিয়া বুলি ভাবে; কিন্তু সেইটো সিবিলাকৰ ভ্ৰম। যি অসৎ তাৰ অস্তিত্ব নাই, আৰু যি সৎ তাৰ অভাব নাই; তত্ত্বদৰ্শী পুৰুষ- সকলে সত্যাসত্য নিৰ্ণয় এইদৰেই কৰিছে। যি আত্মা এই দৃশ্যমান জগত পৰিব্যাপ্ত, তেওঁৰ বিনাশ নাই; এই অব্যয়ৰপ কেৱে বিনাশ কৰিব


 (১) গীতা, ২য় আধ্যা, ১২শ, আৰু ১৩শ শ্লোক।
 (২) কৃষ্ণানন্দস্বামিকৃত গীতাৰ্থ সন্দীপনী গীতা, ২৪ আধ্যা, ১৩শ শ্লোকৰ টিপ্পনী ব্যাখ্যা।
 (৩) পীতা, ২ আখ্যা, ১৫শ, শ্লোক।
 (৪) অন্তঃকৰণ:— মন, বুদ্ধি, চিত্ত আৰু অহঙ্কাৰ।