এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পঞ্চম গৰ্ভাঙ্ক।
⸻
দিখৌ-মুখ।
১ম, সেনা৷- (প্ৰৱেশ ) হেৰঔ,, কোন আছহঁত সেইতে,আগ বাঢ়,চাপি
- আহ, পালোঁহি, সেইয়া গা দেখা গৈছে।
( প্ৰস্থান)
২য়, সেনা৷-( প্ৰৱেশ) নেৰিবি, ধৰ, গৈছোঁ। ভেটি ধৰহঁক।
(প্ৰস্থান)
(গদাপাণিৰ প্ৰৱেশ, পিচে পিচে সেনাদল)
১ম, সেনা৷-গৈ থাওক, নেভেটিবি এথোন। আৰু অলপ আগ বাঢ়ক,
- ঠেকত পেলাই লওঁগৈ।
২য়, সেনা-ভাল কৈছ, এৰা, বৰনৈৰ দাঁতিত পেলাই লওঁগৈ। তেহে
- ইফালে ভেটি ধৰিবলৈ চল লাগি পৰিব।
গদা।-(উলটি ধৰি) আহ চাপি,
- যাবি কোন্ যমপুৰি আজি।
৩য়, সেনা-আইঔ! উলটি ধৰেচোন ঔ। হেৰৌ, কোন্ কত আছ,
- চাপি আহহঁতঔ! আমাক তাকৰীয়াকৈ পাই মহটিয়াই নিব এতিয়া!
২য়, সেনা-ধৰ, ধৰ, আগ বাঢ়, নকৰিবি ভয়। আমি পিচতে আছোঁ। গদা।- অকলই নিপাতিম
- শিয়াল দল! চাপি আহ, আছমানে,
- জাকে জাকে আহি।