এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১৭
গদাধৰ
ৰাজমাও৷- শুনিছোঁ তদ্ৰূপ ময়ো।
কিন্তু মন্ত্ৰি, অসংখ্যাত ৰাজসেনামুখে
চাপিছে অকলে বাছা৷- যদ্যপি সুধীৰ,
তম্ভিব কিমান পৰ!-মনৰ বেগত
আহিছে সি উৰি হাঁয়, ধৰা দিবলই।
নেভাবিবাঁ অন্যৰূপ, নকৰাঁ পলম;
যুগুত ব্যবস্থা কৰি সৰোৱা গদাক,
ৰাখাঁ তাৰ প্ৰাণ।
বঃ গো।- বিয়াপিছে ৰাজসেনা,
ধৰিছে এদলে পিচ, আগচে সিদলে।
আক্ৰমিছে ঘনে-ঘন ঘাটিছে ঘনাই,
নোৱাৰি ৰুধিব গতি প্ৰচণ্ড গদাৰ!
বিষম বিভ্ৰাট এবে, কি কৰোঁ উপায়,
ৰাজমন্ত্ৰী হই কিমতে সহায় কৰোঁ
ৰাজশত্ৰু জনে? তথাপি যি পাৰোঁ দিহা
কৰিছোঁ গুপুতে, দুয়ো পক্ষ ৰক্ষা হেতু।
জনাম যি হয়।
ৰাজমাও৷-ধন্য তুমি মন্ত্ৰীবৰ!
শলাগোঁ ব্যৱস্থা তৱ৷ ভাবাঁ দুয়ো কুল,
দুয়ে ৰক্ষা পৰে যাতে। বাঁচে যদি গদা,
এদিন অৱশ্যে হব ৰাজ্যৰ উদ্ধাৰ;
পৰে যদি ৰক্ষা প্ৰাণে মোৰ লৰা-ৰজা,
ৰক্ষা পৰোঁ মই, তোমাৰ যশস্যা গাই।
ধৰাঁ যুক্তি সাৰ।