সমললৈ যাওক

পৃষ্ঠা:কৰ্মবীৰ চন্দ্ৰনাথ.pdf/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮০
কর্মবীৰ চন্দ্রনাথ

ৰাজনীতিক হোৱাৰ আশা ৰাখিছিল আৰু সেইকাৰণেই ৰাজনীতিজ্ঞ পুৰুষসকলৰ বক্তৃতা আৰু জীৱনী পঢ়ি তাৰ নিমিত্তে সম্বল গোটাইছিল। সেই কালত ৰাজনীতিৰ মৰ্ম তেওঁ নুবুজিব পাৰে, কিন্তু দেশৰ হকে কাম কৰিবলৈ, দহ জনৰ নিমিত্তে নিৰ্যাতন ভুগিবলৈ যে তেতিয়াৰে পৰা তেওঁ সাজু হৈছিল, তাত কোনো সন্দেহ নাই। হলিৰাম ঢেকিয়াল ফুকনৰ সাহস, পিয়লী ফুকনৰ নিৰ্ভীকতা তেওঁৰ আকাঙ্ক্ষাৰ বস্তু হৈ পৰিছিল আৰু সেই কাৰণেই ‘জীৱনাদৰ্শ’ পুথিখন ধন দি কিনিবলৈ নাপাই আন উপায়েৰেই সংগ্ৰহ কৰিছিল। অসমীয়া আৰু বঙালীৰ সংঘৰ্ষৰ মাজেদি তেতিয়াই তেওঁ অলপ গ্ৰাম্য ৰাজনীতি অভ্যাস কৰিছিল, ঘাইকৈ ৰায়চাহাব শ্ৰীযুত পদ্মনাথ বৰুৱা ডাঙৰীয়াৰ লগত ঘনিষ্ঠতা থকাৰ বাবে তেখেতৰ কাৰ্যকলাপ লক্ষ্য কৰিবলৈকো সূচল পাইছিল।

 কলেজত পঢ়োঁতে তেওঁ কংগ্ৰেছৰ বা-বাতৰি ৰাখিছিল আৰু ভাৰতীয় নেতাসকলৰ কাৰ্য-প্ৰণালীৰ আলোচনা কৰিছিল, লগে লগে ব্যৱস্থাপক সভাৰ গঢ়গতিও পৰ্যবেক্ষণ কৰিছিল। ৰায়বাহাদুৰ ৺ভুবন ৰাম দাস, আৰু মাননীয় মাণিক চন্দ্ৰ বৰুৱাৰ লগত ঘনিষ্ঠতা ৰাখি তেওঁলোকৰ ৰাজনৈতিক মতামতৰো ভাগ লৈছিল।

 আসাম এচোচিয়েশ্যনত যোগ দিয়াৰ পৰা তেওঁ আন সকলো বিষয়লৈ পিঠি দি আনকি, তেওঁৰ অতি প্ৰিয় সাহিত্য-চৰ্চাকো এৰি ঘাইকৈ ৰাজনীতি চৰ্চাতে কাল কটাইছিল। তেতিয়ালৈকে তেওঁ গবৰ্ণমেণ্টৰ সহযোগত দেশৰ কল্যাণ সাধন কৰাৰ সপক্ষেহে আছিল আৰু আৱশ্যক বুজি কেতিয়াবা স্বতন্ত্ৰভাৱে, কেতিয়াবা এচোচিয়েশ্যনৰ জৰিয়তে নানা বেমেজালিৰ কথা গবৰ্ণমেণ্টৰ গোচৰলৈ আনিছিল। নতুন শাসন সংস্কাৰ আসামৰ ভাগত নপৰিলতে তেওঁ আবেদন নিবেদন আৰু প্ৰতিনিধিৰ দ্বাৰা গবৰ্ণমেণ্টৰ সাহায্য লাভ কৰিবলৈ যত্ন কৰিছিল।

 ‘পঞ্জাবৰ হত্যাকাণ্ড’, ৰাওলাট ‘বিল’ আদিয়ে গবৰ্ণমেণ্টৰ প্ৰতি বহুত মানুহৰ আস্থা কমাই দিছিল। তেতিয়াও চন্দ্ৰনাথে গবৰ্ণমেণ্টৰ