পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
কৰ্ণপৰ্ব্ব


ব্যেহুৰ ভিতৰে কৰ্ণ যাই পশিবাক।
হেন দেখি যুযধানে নিবাৰিলা তাক॥
অনন্তৰে চেতনা লভিলা বৃকোদৰ।
ধৃষ্টদ্যুন্মবীৰ আসিলেক তাতপৰ॥ ১৫৭॥
তিন বীৰ এক ঠাই হৈবাক দেখিয়া।
ধাইলে কৌৰৱগণ কিছু নাপেখিয়া॥
অশ্বত্থামা সম্মুখ ভৈলেক সাত্যকিৰ।
পাণ্ডৱক নিবাৰিলা কৃতবৰ্ম্মা বীৰ॥ ১৫৮॥
কৰ্ণক কৰিয়া পাছ কৃপ দ্বিজবৰ।
মহাবেগে যাই আগ ভৈলেক ভীমৰ॥
অনন্তৰে সাত্যকি বীৰক দ্ৰোণ সুতে।
তিনি গোটা ভল্ল হানিলেক মহাদ্ৰুতে॥১৬০
কৱচ ভেদিয়া পশিলেক হৃদয়ত।
কিছু মাত্ৰ পীড়া বীৰে নলৈলা মনত॥
শৰীৰৰ বলে শৰ আঁজুৰি পেলাই।
ধৰিলেক ধনু, দ্ৰোণ সুতে আছে চাই॥ ১৬১
আকৰ্ণ সমান কৰি টানি ধনুখান।
দ্ৰৌণিক লাগিয়া প্ৰহাৰিলা দশ বাণ॥
পুনৰপি কিছুধিক যাঠি গোটা বাণে।
দ্ৰোণৰ পুত্ৰক হানিলেক মৰ্ম্মস্থালে। ১৬২
চাৰি গোটা ঘোৰা ৰথ ছেদিলা বিপ্ৰৰ।
সাৰথিৰ শিৰ কাটি নিলা যমঘৰ॥