সমললৈ যাওক

পৃষ্ঠা:কুলাচল বধ.djvu/৩৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯৮
কুলাচল-বধ।

পুৰাণ পুৰুষ যিটো জন্ম কৰ্ম্ম হীন।
কেনে নবৰূপ ভৈলা লোকৰ অধীন॥
ইসব জানিবে শুনিবে ইচ্ছা যাই।
সাৱশেষ কথা মোত কহা মহাৰাই।৷
যুধিষ্ঠিৰে বোলে শুনা ৰাজা মহাশয়।
তান গুণ মহিমা যে যতেক আছয়॥
চাৰি মুখে কহি ব্ৰহ্মা অন্ত নপাৱয়।
মুখ্য মুখ্য বাচি কিছু কহিবে লাগয়।৷
এহিবুলি কৃষ্ণক স্মৰিলা মহাৰাই।
কহিতে লাগিলা পাছে চিত্তক দঢ়াই।৷
শুনিয়ো ৰাজস্য কৃষ্ণ চৰিত্ৰ রুচিৰ।
ইহাৰ শ্ৰৱণে পাপ গ্ৰন্থি হোৱে দূৰ॥
দৈত্যে ভিৰিলেক ভাৰ পায়া বসুন্ধৰী।
ব্ৰহ্মাত শৰণ লৈলা ধেনুরূপ ধৰি।৷
পৃথিবীৰ দুঃখ পাছেদেখি প্ৰজাপতি।
ক্ষীৰোদধি তীৰে গৈলা ত্ৰিদশ সংহতি।৷
সমাধিত শুনিলন্ত আকাশি বচন।
দেবকীৰ গৰ্ভে মই হৈবো উতশম॥
সবেদেবগণ গোৱালত হৌক জাত।
দেৱ নাৰীগণ হৌক গোৱালী সাক্ষাত॥