পৃষ্ঠা:কুলাচল বধ.djvu/৩৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯৫
কুলাচল-বধ

দুৰ্ব্বাসা বিপদে কৰিলন্ত পৰিত্ৰাণ।
কৃপাময় দেব হেন কোন আছে আন।৷
তাত পাছে ময়াবী গৱাক্ষ জটাসুৰ।
বেনীহানি দ্ৰৌপদীয়ে নিলে যমপুৰ।৷
ভোজকট বধি গালবৰ থান পাই।
এহিভাৱে বনত ফুৰোহোঁ পাঞ্চো ভাই।৷
তুমি হেন বান্ধৱক ইঠাৱে লভিল।
তযু সম্ভাসনে বড় হৰিষ মিলিল।৷
ধৰ্ম্ম পক্ষীগণে কহে জৈমিনি শুনন্ত।
এহিবুলি কুন্তীসুত মৌনে ৰহিলন্ত॥
অনন্তৰে কৰ্ণদত্ত ৰাজা মহাশয়।
ধৰ্ম্ম নৃপতিক পাছে ছাহিয়া বোলয়।৷
শুনা মহামিত্ৰ মই তোমাক বিনাও।
এহি ক্ষনিকতে চলা হস্তীনাক যাওঁ॥
দুৰ্য্যোধন আদি যত ৰাজা নিৰন্তৰ।
প্ৰকটি মাৰিবোঁ তাক নলাগে সমৰ।৷
তোমাৰাক থৈয়া পাছে আসিবো ৰাজ্যক।
কুড়ি অক্ষৌহিণী সেনা দেখা তুমি তাক॥
মহাবলৱন্ত দেখা বৃহত শৰীৰ৷
জানুমান হোৱয় তোমাৰ ভীম বীৰ॥