পৃষ্ঠা:কুলাচল বধ.djvu/৩৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮২
কুলাচল-বধ।

অসংখ্যাত দেবসেনাগণে বেঢ়ি আছে।
বিমান উপৰে নৰেন্দ্ৰক দেখি আছে॥
বিমৰিষি মনে একো নপাৱয় থিৰ।
মনত বোলন্ত কৃপা মিলিল হৰিৰ॥
এহি বুলি চাৰিবীৰে আথে বেথে উঠি
নৃপতিক প্ৰণাম কৰিলা মনতুষ্টি॥
এতহন্তে বিমান চাপিলা দুইখান।
পুষ্পমালী তাহাত উঠিবে দিলাজান॥
চাৰিয়ো উঠিলা যাই একে বিমানত।
নিমিষেকে গৈলা পাঞ্চ প্ৰহৰৰ পথ॥
অনন্তৰে যাই দেখিলেক সভাখান।
দীঘলে বহলে নৱ প্ৰহৰ প্ৰমান॥
ৰাজাসব বসিয়া আছয় সাৰিসাৰি।
চতুৰ্ভিতি কৰ্ণদত্ত ৰাজাক আবৰি॥
বাদ্যভণ্ড বোল প্ৰজা কৰে জয় জয়।
প্ৰজাৰ হিন্দোলে মাতবোল নুশুনয়।৷
ইন্দ্ৰক আবৰি আছে দিগপালগণ।
সিদ্ধমুনি বিদ্যাধৰে কিন্নৰ চাৰণ॥
গন্ধৰ্ব্বে গাৱয় বিদ্যাধৰে বজাৱয়।
মুক্ষ অপসৰা সবে কাচিয়া নাচয়॥