এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৭৫
কুলাচল-বধ।
কতো বেলিমানে ৰাজা স্তম্ভিয়া আছিলা।
পাছে বাসবক হেন বচন বুলিলা॥
কৰ্ণদত্ত বোলে দেব শুনা সুৰপতি।
পাণ্ডবক দেখিবাক ইচ্ছা যায় অতি॥
যদি দয়া পাকে তেবে প্ৰসাদে তোমাৰ।
মহন্তৰ দৰশন হোৱয় আমাৰ॥
ৰাজাৰ বচনে সুৰপতি ৰঙ্গমনে।
পুষ্পমালী গন্ধৰ্ব্বক পাঞ্চিলা তেখনে॥
পুষ্পমালী লৈয়া যাহ দুখান বিমান।
ধৰ্ম্মৰাজ যুধিষ্ঠিৰ দ্ৰোপদীক আন॥
মনুষ্যৰ মানে পথ দশম দিনৰ।
তই প্ৰহৰেক মানে আসিয়ো সত্বৰ॥
হেন শুনি পুষ্পমালী আকাশে চলিল।
দুই দণ্ডে নৃপতিৰ স্থানক লভিল॥
রুণ ঝুন কিঙ্কিনি বাজয় বিমানৰ।
উপৰক চাহি দেখিলন্ত নৃপবৰ॥
দ্ৰোপদীক চাহি ৰাজা বুলিলা বচন।
ইঠাৱক আসয় বিমান দুই খান॥
কিবা দেৱতাৰ কিবা দানবৰ মায়া।
সাবহিতে ৰহিয়েক দ্ৰোপদ তনয়া॥