পৃষ্ঠা:কুলাচল বধ.djvu/৩৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪৫
কুলাচল-বধ।


এহিবুলি ব্ৰহ্মা ,মৌনে বহিলন্ত,
 কৃষ্ণৰ চৰণ চায়।
আগ বাঢ়ি হৰে, হস্তক যুৰিয়া,
 বোলে অৱনত কায়॥
নমো নমো মহা, পুৰুষ অনন্ত,
 কাৰণৰো হে কাৰণ।
সৃষ্টি স্থিতি যাৰ, কটাক্ষে মিলয়,
 তুমি এক নিৰঞ্জন॥
মহাযোগেশ্বৰো, পৰম যতনে,
 নপাৱে মনে ওচৰ।
সৃষ্টিৰ অন্তত তুমি মাত্ৰ থাকা,
 ভগবন্ত মহেশ্বৰ॥
কোটি অশ্বমেধো, জজিয়া তোমাক,
 পাইবাৰ বড় দুৰ্ল্লভ।
শ্ৰৱণ কীৰ্ত্তণ, কৰিয়া ভকতে,
 পাৰয় আতি সুলভ॥
ইহাৰ প্ৰমাণ, ভক্ত পাণ্ডৱত,
 লভিল অতি প্ৰত্যয়।
যাৰ ভকতিত, তুষ্ট হুয়া মাত্ৰ,
 ক্ষণো লাগ নছাৰয়॥