পৃষ্ঠা:কুলাচল বধ.djvu/৩৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩৬
কুলাচল-বধ।


এহি বুলি সন্নিত চাপিলা কেশবৰ।
পলাইবে লাগিল দেব সিন্ধ বিদ্যাধৰ॥
মাধৱে বোলন্ত কথা নুহিকয় ভাল।
আনমতে দানৱৰ নিমিলয় কাল॥
চক্ৰে কাটিলন্তেও দানৱ নমৰয়।
সুৰাসুৰ লোক মানে আশ্চৰ্য্য দেখয়॥
মহন্তৰ বাক্য মোৰ চক্ৰটো আগল।
যাতো মোত কৰি শ্ৰেষ্ঠ ভকত সকল॥
কৈত আছে ধূপবঠি চাইবাক লাগয়।
তাহাৰ প্ৰহাৰে মাত্ৰ দানব মৰয়॥
তাহাক আনিবে প্ৰতি হুসকিয়া যাও।
মহত্তৰ বচনক প্ৰণাম কৰাওঁ॥
যদি ব্ৰহ্ম শৰ হানি কাটোহোঁ ইহাক।
তেবে কেনে ৰহিবেক অগস্তিৰ বাক॥
এহি বুলি হৰি গরুড়ক বিতৰ্কিল।
পালটিয়া পক্ষীৰাজে লৱৰ মাৰিল॥
পক্ষীয়ে বোলন্ত মুনি শুনিলা কাৰণ।
দেখা কেন ভকত-বৎসল সনাতন॥
যাৰ ৰোম-ৰন্ধ্ৰে কোটি ব্ৰহ্মাণ্ড হোৱয়
হেন হৰি ভকতৰ বচন নেড়য়॥