পৃষ্ঠা:কুলাচল বধ.djvu/২৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৩৪
কুলাচল-বধ।


নাহিকে ভাগৰ বৰিষয় শৰচয়।
দানবৰ সেনাত লাগিল মহাভয়॥
তথাপিতো পাহু ভৰি গোটেকে নকৰে।
ৰিজাৰাৰ কৰি আগ বাঢ়ি ধাৰে ধৰে॥
কাণ্ডে খাণ্ডে জাঠি জোঙ্গহানে ভিণ্ডী পাল।
নৰাচ তোমৰ শূল হানে পালে পাল।
পাৰিষদ সেনাগণ ৰণে নঘাটন্ত।
দানাৰগণক মহা সমৰ কৰন্ত॥
দুখান সাগৰ যেন ভৈল একতৰ।
হুল কুল কৰে যেন কুন্তীৰ মগৰ॥
যেন মহা মেঘে বৃষ্টি কৰে কোলাহল।
মুভিটিৰ সেনা মৰি যাই পালে পাল॥
অয়া শবে চাকিলেক ধৰণী মণ্ডল।
লড়ে মহী খণ্ড অতি কৰে টলমল॥
কতো বেলি দানৱ সকলে ভঙ্গ দিল।
কৰাপীড়া পাল কেহ বিদগ্ধ ভাঙ্গিল॥
হেন দেখি তাৰ যত বড়া বড়া বীৰ।
মহাখঙ্গে সমাহাৰ সম্পন্ন শৰীৰ॥
মহিৰ মেঠন ছাগলত কতো উঠি।
কতো সৃষ্ট দক্ষিণ বৰাহে কৰি চুটি॥