পৃষ্ঠা:কুলাচল বধ.djvu/২০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২০৬
কুলাচল-বধ।


তোমাক প্ৰাৰ্থিল শিব বিৰিঞ্চি পুৰ্ব্বত।
জন্ম বাদ ভৈলা বসুদেবৰ গৃহত॥
ভকতৰ বাক্য ৰাখি গৈলা ব্ৰজপুৰ।
ভকত বৎসল তুমি সবাৰ ঠাকুৰ॥
ভকতক ৰাখি নাথ ফুৰা সৰ্ব্বভাৱে।
যেহেন পুত্ৰক প্ৰতিপাল কৰে মাৱে॥
আমি পাঞ্চ গুটি ভাই তোমাৰ কিঙ্কৰ।
পক্ষী যেন পক্ষ ঢাকি থাকা দামোদৰ॥
হে কৃষ্ণ তুমি বিনে গতি নাহি আন।
আমি পাঞ্চ পাণ্ডৱৰ তুমি আত্মা প্ৰাণ॥
তুমি জগততে আছা জগতো তোমাতে।
প্ৰকট সরূপে বমি আছাহা সবাতে॥
কিন্তু ভকতৰ সঙ্গে থাকা সৰ্ব্বক্ষণ।
হৃদয়ত প্ৰকটী আছাহা সনাতন॥
পূজা বিধি জ্ঞানে কৰ্ম্মে তোমাক নপাই
শ্ৰৱণে কীৰ্ত্তনে বশ্য হোৱা বদুৰাই॥
ধৰণীৰ দুঃখ দেখি ব্ৰহ্মায়ে পুৰ্ব্বত।
তোমাক প্ৰাথিয়া আনি কৰিলা বেকত
পৰম ঈশ্বৰ বসুদেৱৰ তনয়।
হৃদীবন কৈলানন্দ কৃষ্ণ জয় জয়॥