পৃষ্ঠা:কুলাচল বধ.djvu/২০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২০৩
কুলাচল বধ।


শুনা সভাসদ ইটো পদ,  পৰম ৰহস্য বিদগ্ধ
 ইহাৰ শ্ৰৱণে অপমৃত্যু দূৰ ৰাই।
আক শ্ৰদ্ধা কৰি যিটো জনে,  গাৱয় শুনয় অণুক্ষণে
 সিটো অন্তকালে বৈকুণ্ঠত পাৱে ঠাই॥
ভাৰত ভূষণ অল্পমতি,  ৰচিলা লেচাড়ি ছন্দ অতি
 অগাধ সমুদ্ৰ বনপৰ্ব্ব কথা সাৰ।
দ্বৈপায়ণ মহামুনিবৰে, পুৰাণ সংহিতা নিৰন্তৰে
 এক বাক্য কৰি যতনে কৈলা প্ৰচাৰ॥
তাহাক চাহিয়া অনুসাৰ, যেন মতি লৈল আমাসাৰ
 ৰচিলোঁ পৱাৰ বৈষ্ণৱৰ গুণনাম।
জানি সভাসদ সাধুজনে, কৃষ্ণৰ চৰণ ধৰি মনে
 উচ্চ কৰি ডাকি ঘুৰিয়োক ৰাম ৰাম॥


পদ।

মুনিয়ে বোলন্ত পক্ষীৰ আগত।
কৈয়ো পাছ কথা পাণ্ডৱৰ যেন মত॥
কিমতে জীলন্ত পাণ্ডৱৰ চাৰি ভাই।
কিবা কৰিলন্ত ধৰ্ম্মৰাজা সিটো ঠাই॥
কুলাচল ৰাজাক কিমতে বৰিলেক।
সবে কথা শুনো মোত কহিয়ো প্ৰত্য়েক।