পৃষ্ঠা:কুলাচল বধ.djvu/১৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৯৮
কুলাচল বধ।


ভাৰত ভুষণ কবি,  বিৰচিলা পদ ছবি,
 মহা যশ ভক্ত পাণ্ডৱৰ॥
আৰ আগ পাছ যত,  হ্ৰস্ব দীৰ্ঘ বিপৰীত,
 তাৰ দোষ কৰি উপসাম।
আমাৰ বালক মন, ক্ষমি সমাজিক জন
 নিৰন্তৰে বোলা ৰাম ৰাম॥


লেচাড়ি।

চাৰিয়ো ভ্ৰাতৃৰ মৃত্য়ু শুনি,  মুৰ্চ্চিত ভৈলেক মহা মান
 বুড়িল বুলিয়া যাজ্ঞসেনী ধৰিলন্ত
কতো বেলি বহি আছিলন্ত, কৃষ্ণ কৃষ্ণ হৰি উচ্ছৰত
 মনত গুণিয়া আছন্ত নৃপতি সন্ত॥
কৈক যাইবোঁ আবে কি কিৰিবো, কমন বুদ্ধিক আচৰিবে
 কোনে দিবে আসি মোৰ চাৰি খানি ভাই।
এবাৰ মাৰিলে বঘাসুৰে,  গৈয়া আছিলেক যমপুৰে
 জীল অগস্তিৰ হাৰৰ পৰশ পাই॥
হা হৰি ভাগ্যে কিনো ভৈল, চাৰি গুটি ভাতৃ কোখা গৈ
 কোন জনে আবে তাহাঙ্ক দিয়ে দেখাই
যেবে তাসম্বাক লাগপাই,  একে লগে বৰ পূৰে যায়
 মহা সুখে থাকো পাণ্ডৱৰ পাঞ্চ ভাই॥