সমললৈ যাওক

পৃষ্ঠা:কুমৰ হৰণ ৷ চন্দ্ৰ ভাৰতী.pdf/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৭
কুমৰ-হৰণ

ৰুধিৰে দিগীধ দেহা দেখিতে সুহাই।
ফুলিল পলাশ বৃক্ষ তাহাৰ পৰাই॥
অনন্তৰে কামদেৱ সমৰে সুজান।
কাৰ্ত্তিকৰ হাততে কাটিল ধনু খান॥
ধনু ছেদে গৌৰীসুত মনে মহাদুঃখ।
ক্ৰোধত শকতি ধৰি ভৈলন্ত সন্মুখ॥
প্ৰলয়ৰ বহ্নি সম শকতি প্ৰকাশে।
কোটি এক শশী যেন উদিত আকাশে॥
ভয় ভৈল দেবগণ নক্ষত্ৰ মণ্ডল।
ফাট দিয়া বসুমতী কৰে টলবল॥
মহাভয়ে প্ৰজাৰ লাগিল উসমিস।
ৰণ পৰিহৰি প্ৰজা ওলাই দশোদিশ॥
দুয়ো সেনা মধ্যে বৰ ভৈল হাঁহাঁকাৰ।
কাৰ্ত্তিকে বোলয় কাম শুন দুৰাচাৰ॥
ইষ্টদেৱ সুমৰ ৰাখন্তা নাহি আন।
তোক মাৰি আমাসাৰ সাধোহো কল্যাণ॥
তোৰ পুষ্পধনু শৰ স্বভাৱে কোমল।
তাক ছেদি জগতৰ কৰোহো কুশল॥
তোৰ শৰঘাৱে গাৱ নকৰয় টান।
তথাপি মুনিৰ তই ভাঙ্গস ধিয়ান॥