পৃষ্ঠা:কলিতা জাতিৰ ইতিবৃত্ত.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭
পুৰাণ আৰু তন্ত্ৰত


—শূপকৰ্ণ, প্ৰাগ্জ্যোতিষ, বৰ্দ্ধমান, কোসল আদি দেশ পূৰ্ব্বদিশত আছে।

দৰদাশ্চ গণাশ্চৈব কুলটা বনৰাষ্ট্ৰকাঃ॥
...   ...   ...   ...
একপাদাঃ খশা ধোষাঃ স্বৰ্গভৌমা নবদ্যকাঃ॥
...   ...   ...   ...
পূৰ্ব্বোত্তৰন্তু কুৰ্ম্মস্য পাদমেতে সমাশ্ৰিতাঃ॥ ৫৫৷৪৮-৫৩

 —কুলট, একপাদ, খশ (নেপালী) আদি জাতিৰ মানুহ উত্তৰপূব দিশত থাকে॥ ৩৫॥

 কালিকাপুৰাণত পুৰণি কামৰূপ জিলাৰ অন্তৰ্গত ( বৰ্ত্তমান বঙ্গদেশৰ ভিতৰুৱা ) জলপাইগুৰি জিলাত গুপ্ত-ক্ষত্ৰিয় জাতি এটি আছিল বুলি উল্লেখ আছে। তেওঁলোকে হেনো জামদগ্ন্য ( পৰশুৰাম)ৰ ভয়ত আত্ম-গোপন কৰি মনে মনে জল্পেশ্বৰ শিবৰ পূজা চালাইছিল—

জামদগ্ন্যভয়াদ্ভীতাঃ ক্ষত্ৰিয়া পূৰ্ব্বমেব যে।
ম্লেচ্ছছদ্মান্যুপাদায় জল্পীশং শৰণং গতাঃ॥
তে ম্লেচ্ছবাচঃ সততমাৰ্য্যবাচশ্চ সৰ্ব্বদা।
জল্পীশং সেবমানাস্তে গোপায়ন্তি চ তং হৰম্॥

কালিকাপুৰাণ ৭৭৷৩০—৩১।

 –“পূৰ্ব্বৰ ক্ষত্ৰিয় কিছুমানে পৰশুৰামৰ ভয়ত ম্লেচ্ছভেশ লৈ জল্পীশ শিবত শৰণ লৈছে৷ তেওঁলোকে সদায় ম্লেচ্ছ

ক্ষালিকা-

পুৰাণৰ গুপ্ত-ক্ষত্ৰিয়