সমললৈ যাওক

পৃষ্ঠা:কথা-গীতা.djvu/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

ষষ্ঠ অধ্যায়।

 চিত্তশুদ্ধ হৈলেও ধ্যান বিনে সন্যাস মাত্ৰত মুক্তি নহৈব। এতেকে ষষ্ঠ অধ্যায়ত ধ্যান যোগ বিবেক কৰি কহিবা। পূৰ্ব্ব অধ্যায়ৰ অন্তত সঙেক্ষপে উক্তযোগক প্ৰপঞ্চিবে প্ৰতি ষষ্ঠ অধ্যায় আৰম্ভ কৰিলা।

 ভগবন্তে বোলন্ত জানা অৰ্জ্জুন যি কৰ্ম্মফলক অপেক্ষা নকৰি মোত অৰ্পি বিহিত কৰ্ম্মকে আচৰে তাকে সন্যাসী বুলি, যোগীয়ো বুলি, সৰ্ব্বকৰ্ম্মত্যাগী নহে। তেবে যাৱত জীবে তাৰত কৰ্ম্ম কৰিবে লাগিল। এই আশঙ্কাৰ উত্তৰ শুনা। আৰুৰুক্ষ পুৰুষৰ চিত্তশুদ্ধিৰ হেতু কৰ্ম্মসাধন। আৰূঢ় পুৰুষৰ কৰ্ম্ম- নিবৃত্তিসে জ্ঞান পৰিপাকত সাধন বুঝিবা। যদি বোলা আৰূঢ় যোগী কেমন তাত শুনা। যেখন শব্দাদি বিষয়ত তাৰ সাধন কৰ্ম্মতো আসক্তি নকৰে, আসক্তিৰ কাৰণ ভোগতো বাঞ্ছা এড়িছে, তাক যোগাৰূঢ় বুলি। যাতো বিষয়ত আসক্তিয়ে বন্ধ হয়, এতেকে তাক এড়ি আপুনি আপুনাক উদ্ধাৰ কৰোক কদাচিতো অধক নেনোক। যিহেতু আপুনি আপুনাৰ বন্ধু হয়, যেমনে ৰিপু হয়, তাক শুনা। যি পুৰুষে আপুনাৰ মন, ইন্দ্ৰিয়ক জিনি হৰিক ভজিল, সেই আপুনাৰ বন্ধু আপুনি হৈল। যি অজিতেন্দ্ৰিয় হুয়া হৰি বিমুখ হৈল সি আপনাৰ শত্ৰু আপুনি হৈল। জিতেন্দ্ৰিয় প্ৰশান্ত পুৰুষৰ শীত উষ্ণ সুখ দুষ্‌খ মান অপমানতো