সমললৈ যাওক

পৃষ্ঠা:এলকহ’লিক ঈশ্বৰ.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চেনিৰ বৈয়ামত নাছিল ৰঙা ৰঙা পৰুৱাবোেৰ
তুমি আহিবা বুলি মোৰ কোঠাটোৰ ধ্বংসস্তূপত
ধৰফৰাই ধৰফৰাই থিয় দিছিল অলেখ ভগ্নাৱশেষ
আৰু প্ৰাচীন একোটা ভাস্কৰ্যৰ দৰে
মহান হৈ পৰিছিল কিতাপৰ দ’ম অথবা
পুৰণি জোতা আৰু মোজাযোৰ
তুমি আহিবা বুলিয়েই ক্ৰমশঃ
শুহি গৈ আছিল এটা দুপৰীয়া
তুমি নাহিলা
এতিয়া মৃত্যুৰ দৰে শীতল
এঙাৰ বৰণীয়া
দেই যোৱা সন্ধিয়া

॥ এলকহ"লিক ঈশ্বৰ॥ ৫১